বিমান যাত্ৰীসকলৰ বাবে দুঃখবৰ….

বিমান যাত্ৰীসকলৰ বাবে দুঃখবৰ….

ডিজিটেল ডেস্কঃ লকডাউনৰ সময়ত বিমানৰ টিকট বুক কৰা সকললৈ বেয়া খবৰ। ঘূৰাই নাপাব পাৰে বুক কৰি টিকটৰ সম্পূৰ্ণ মূল্য। এয়াৰলাইন্সে ঘূৰই দিবলৈ আগ্ৰহী নহয় যাত্ৰীৰ ধন। মহামাৰী কোৰোনা ভাইৰাছৰ বাবে যোৱা ২৪ মাৰ্চৰ পৰা দেশজুৰি অব্যাহত থকা লকডাউনৰ বাবে সম্পূৰ্ণভাৱে বন্ধ হৈ আছে বিমান সেৱা। যাৰ বাবে আগতীয়াকৈ টিকট বুক কৰা যাত্ৰীসকলৰ প্ৰায় তিনি হাজাৰ কোটি টকা যাত্ৰীসকলক ঘূৰাই দিব লাগিব এয়াৰলাইন্সে।

দেশৰ উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ আৰু ডাইৰেক্টৰ জেনেৰেল অৱ চিভিল এভিয়েচনক জাননী জাৰী কৰিছিল যাত্ৰীসকলক তেওঁলোকৰ টিকটৰ মূল্য ঘূৰাই দিবলৈ। কিন্তু এয়াৰলাইন্স কৰ্তৃপক্ষই পোন্ধৰশ কোটি টকাহে যাত্ৰীসকলক ঘূৰাই দিবলৈ ইচ্ছা প্ৰকাশ কৰিছে।

কেন্দ্ৰীয় চৰকাৰেও মত প্ৰকাশ কৰিছে যে এয়াৰলাইন্সক যাত্ৰীসকলক তেওঁলোকৰ টিকটৰ মূল্য ঘূৰাই দিবলৈ কোনোধৰণৰ হেচা প্ৰয়োগ কৰিব নোৱাৰে। কিয়নো লকডাউনৰ বাবে এয়াৰলাইন্স বৰ্তমানে বিত্তীয় সংকটত। অভিযোগ উত্থাপন হৈছে এয়াৰলাইন্সে বৰ্তমানে যাত্ৰীক টিকটৰ ধন ঘূৰাই দিয়াৰ পৰিৱৰ্তে ক্ৰেডিট চেলছৰ জড়িয়তে তেওঁলোকৰ ধন জমা ৰখাৰ কৌশলহে অৱলম্বমন কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in