এয়াৰ ইণ্ডিয়াৰ বিমানত বিচৰা মতে সুৰা নিদিয়াৰ বাবেই এগৰাকী মহিলাই কৰিলে কি? চাওঁক VIDEO

এয়াৰ ইণ্ডিয়াৰ বিমানত বিচৰা মতে সুৰা নিদিয়াৰ বাবেই এগৰাকী মহিলাই কৰিলে কি? চাওঁক VIDEO

ডিজিটেল ডেস্কঃ মদ নিদিবি কিয়? সেয়াই আছিল খং। বিচৰা অনুসৰি সুৰা নিদিয়াৰ বাবেই খং উঠি গ'ল মহিলাগৰাকীৰ। তাৰ পাছত অবাইচ ভাষাত গালি। বিয়েৰ বাৰত নহয়, এয়াৰ ইণ্ডিয়াৰ বিমানৰ ভিতৰত এই কাণ্ড। লণ্ডনৰ পৰা মুম্বাই অভিমুখে বিমানত সংঘটিত এই কাণ্ডৰ দৃশ্য বন্দী হ'ল কেমেৰাত।

এগৰাকী আইৰিছ মুলৰ মহিলা আছিল এই বিমানখনৰ যাত্ৰী। কেবাটাও পেগ খোৱাৰ পাছত অতিৰিক্তভাৱে আৰু সুৰা বিচাৰিছিল মহিলাগৰাকীয়ে। কিন্তু বিমানকৰ্মীয়ে অতিৰিক্ত সুৰা দিবলৈ অস্বীকাৰ কৰিলে। তাতেই খং উঠি গ'ল মহিলাগৰাকীৰ। তাৰ পাছত চৈধ্য গোষ্ঠী উজাৰি বিমানকৰ্মীক উদ্দেশ্যি গালি পাৰিলে মহিলা যাত্ৰীগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in