শেহতীয়া খবৰ
অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে কেন্দ্ৰীয় চৰকাৰে গণ্য নকৰে কিয়? ক'লে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে, VIDEO  •  কৰুণ ঘটনা! বজ্ৰপাতৰ ফলত নিহত ৮ শিশু, আহত ৯...  •  সাংসদ আজাম খানৰ বিৰুদ্ধে ৰুজু ২৩টাকৈ গোচৰ...  •  ১০ গঁড়কে ধৰি কাজিৰঙাত এতিয়ালৈকে বানত মৃত্যু হৈছে শতাধিক বন্যপ্ৰাণীৰ  •  এফ চি আইৰ টংলা খাদ্য ভাণ্ডাৰত ঠিকাদাৰ-শ্ৰমিকৰ মাজত সংঘাত, শ্ৰমিকৰ বিক্ষোভত কেইবা ঘন্টাও অচল কাম-কাজ...  •  গুৱাহাটীত ৰাজভৱনৰ বাহনৰ খুন্দাত আহত পথচাৰীৰ জি এম চি এইছত মৃত্যু...  •  বানত ককবকাইছে ৰাজ্যৰ বহু প্ৰান্তৰ হাজাৰ হাজাৰ লোকে, সাহাৰ্য সামগ্ৰী বিতৰণ সমাজকৰ্মী, বে-চৰকাৰী সংস্থাৰ  •  ভয়ংকৰ পৰিৱেশ! বানপানীৰ মাজতে কৰিলে বিদ্যুৎ সংযোগ, জুইত জাহ গ'ল এখন ঘৰ...  •  হাটশিঙিমাৰীৰ ভাৰত-বাংলাদেশ সীমান্তত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তঃ বানে ক্ষতি কৰা কাঁইটীয়া তাঁৰৰ বেৰ, বি এছ এফ কেম্প পৰিদৰ্শন  •  তেজৰ কৰ্কট ৰোগত আক্ৰান্ত ৰহাৰ এটি ৪ বছৰীয়া কণমানি, পৰিয়ালৰ সহায়ৰ আহ্বান, VIDEO

দোকানৰ পৰা পইচাৰ বেগ চুৰি কৰি নিলম্বিত হ’ল এয়াৰ ইণ্ডিয়াৰ কেপ্টেইন ৰোহিত ভসীন

484

ডিজিটেল ডেস্কঃ বিমান বন্দৰ চৌহদৰ এখন দোকানৰ পৰা পইচাৰ বেগ চুৰি কৰি নিলম্বিত হ’বলগাত পৰিল এয়াৰ ইণ্ডিয়াৰ এগৰাকী আঞ্চলিক সঞ্চালক। এই ঘটনা সংঘটিত হৈছে চিডনী বিমান বন্দৰত। এয়াৰ ইণ্ডিয়াৰ এক সূত্ৰই সদৰি কৰা মতে, চিডনী বিমান বন্দৰত আঞ্চলিক সঞ্চালক ৰোহিত ভসীনে বিমান বন্দৰ চৌহদৰ এখন কৰ মুক্ত দোকানৰ পৰা পইচাৰ বেগ চুৰি কৰা সময়ত হাতে লোটে ধৰা পৰে।

তাৰ পিছতে এয়াৰ ইণ্ডিয়াৰ কৰ্তৃপক্ষই বিষয়াগৰাকীক তাৎক্ষণিকভাৱে নিলম্বন কৰাৰ উপৰিও অনুমতিবিহীনভাৱে বিমান বন্দৰ চৌহদত প্ৰৱেশ কৰাত নিষেধাজ্ঞা আৰোপ কৰে। তদুপৰি তেওঁৰ পৰিচয় পত্ৰও কৰ্তৃপক্ষৰ ওচৰত জমা দিবলৈ নিৰ্দেশ দিয়া হয়।

জানিব পৰা মতে, ৰোহিত ভসীনক এআই-৩০১ বিমানৰ এগৰাকী পাইলট হিচাপে নিয়োগ কৰা হৈছে। তেওঁৰ বিমানখনে ২২ জুনত স্থানীয় সময়ানুসৰি পুৱা ১০.৪৫ বজাত চিডনীৰ পৰা দিল্লী অভিমুখে ৰাওনা হোৱাৰ কথা আছিল। কিন্তু তাৰ পূৰ্বেই বিমান বন্দৰ চৌহদৰ এখন দোকানৰ পৰা পইচাৰ বেগ চুৰি কৰা অৱস্থাত বিষয়াগৰাকীক হাতে লোটে ধৰা পৰে।

আনহাতে এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই। ঘটনাৰ তদন্ত সম্পূৰ্ণ নোহোৱালৈকে ৰোহিত ভসীনক নিলম্বন কৰা হৈছে বুলি জনায় এয়াৰ ইণ্ডিয়াৰ এক সূত্ৰই।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি