পুনে বিমান বন্দৰত নিশ্চিত দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল যাত্ৰীবাহী বিমান…

পুনে বিমান বন্দৰত নিশ্চিত দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল যাত্ৰীবাহী বিমান…

ডিজিটেল ডেস্কঃ এক নিশ্চিত দুৰ্ঘটনাৰ পৰা কথপমি ৰক্ষা পৰিল এয়াৰ ইণ্ডিয়াৰ এখন যাত্ৰীবাহী বিমান। পুনে বিমান বন্দৰত শনিবাৰে পুৱা এক ভয়াবহ দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰা ৰক্ষা পৰে এয়াৰ ইণ্ডিয়াৰ A321 যাত্ৰীবাহী বিমানখন।

জানিব পৰা মতে, পুৱা যাত্ৰীবাহী বিমানখন পুনে বিমানবন্দৰৰ পৰা দিল্লী অভিমুখে উৰা মৰাৰ সময়তে ৰানৱে'ত পাইলটে প্ৰত্যক্ষ কৰে যে এজন ব্যক্তি জীপসহ ৰানৱে'ত থিয় হৈ আছে। ব্যক্তিজনক বচাবলৈ গৈ পাইলটে নিৰ্ধাৰিত দূৰত্বৰ পূৰ্বেই টেক অফ কৰিবলগা হয়। যাৰ ফলত জীপ খনৰে মুখামুখি সংঘৰ্ষৰ পৰে কথমপি ৰক্ষা পৰে বিমানখন। অৱশ্যে টেক অফৰ সময়ত বিমানখনৰ তলৰ অংশ সামান্য ভাৱে ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে। পিছত দিল্লী বিমান বন্দৰত সুকলমে অৱতৰণ কৰে বিমানখনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in