বিমানৰ দুৱাৰ খুলিবলৈ গৈ মাটিত খহি পৰা এয়াৰ হোষ্টেজৰ স্বাস্থ্য সংকটজনক

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ মুম্বাইত এখন বয়িং ৭৭৭ এয়াৰ ক্ৰাফ্টৰ পৰা খহি পৰা এয়াৰ হোষ্টেজ হৰ্ষা ল'ব'ৰ অৱস্থা সংকটজনক। বিমানখন মুম্বাই বিমান বন্দৰত ৰখাই থোৱা বিমানখনৰ দুৱাৰ খোলোতেই দুৰ্ভাগ্যবশত বিমানৰ পৰা ওলাই মাটিত খহি পৰে এয়াৰ হোষ্টেজগৰাকী। প্ৰায় ৩০ ফুট ওখৰ পৰা খহি পৰাত তেওঁ যথেষ্ট পৰিমানে আহত হয়।

উল্লেখযোগ্য যে, এয়াৰ ইণ্ডিয়াৰ এ ১৮৬৪ নম্বৰৰ এই বিমানখন মুম্বাইৰ পৰা পুৱা ৭ বজাত দিল্লীলৈ উৰাৰ কথা আছিল। যাত্ৰী উঠাৰ পূৰ্বেই বিমান পৰিচালিকা গৰাকীয়ে গৈ বিমানখনৰ যাত্ৰী উঠিব লগা দুৱাৰখন খোলা সময়তেই পিচল খাই মাটিত ঢলি পৰে। বিমানত উঠিবলৈ ব্যৱহাৰ কৰা চিৰি আৰু বিমানৰ মাজত থকা ফাকেৰে খহি পৰে এয়াৰ হোষ্টেজগৰাকী।

পুৱা ৬.১০ বজাত এই ঘটনা সংঘটিত হোৱাৰ কথা নিশ্চিত কৰিছে এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষই। বৰ্তমান পৰিচালিকাগৰাকীৰ সোভৰিত ভাগিছে আৰু সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। এই ঘটনাৰ পাছতেই পুৱা ৭ বজাত মুম্বাই বিমান বন্দৰৰ পৰা উৰিব লগা বিমানখনে পুৱা প্ৰায় ডেৰ ঘণ্টা পলমকৈ অৰ্থাৎ ৮.৩০ বজাত দিল্লীলৈ উৰা মাৰে। এই ঘটনাৰ ইতিমধ্যে তদন্তৰ নিৰ্দেশ দিছে এয়াৰ ইণ্ডিয়াৰ কৰ্তৃপক্ষই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in