সংখ্যালঘু সকলক গাখীৰ নিদিয়া গৰুৰ লগত তুলনাঃ প্ৰশান্ত ফুকনৰ বিৰুদ্ধে ঐক্য সেনা অসম

ফাইল ফটো
ফাইল ফটো

ডিজিটেল সংবাদ, শিৱসাগৰঃ ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনে সংখ্যালঘু সকলক গাখীৰ নিদিয়া গৰুৰ সৈতে তুলনা কৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ঐক্য সেনা অসমে। সংগঠনটোৰ কেন্দ্ৰীয় সম্পাদক ফৰিদ ইছলাম হাজৰিকাই বৃহস্পতিবাৰে শিৱসাগৰত সাংবাদিকৰ আগত প্ৰশান্ত ফুকনৰ এনে মন্তব্যক তীব্ৰ ভাষাৰে নিন্দা কৰে।

ফৰিদ ইছলাম হাজৰিকাই কয়, বিজেপিৰ বিধায়কজনে সংখ্যালঘু মানুহক গৰুৰ লগত তুলনা কৰি সংখ্যালঘু সম্প্ৰদায়ক অপমান কৰিছে। যদি সংখ্যালঘুৰ ভোট বিজেপিক নালাগেই তেন্তে নিৰ্বাচনৰ আগত নামনি অসমত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিৰ্বাচনী সভাত হাতযোৰ কৰি কিয় সংখ্যালঘুৰ ভোট বিচাৰিছিল বুলি প্ৰশ্ন কৰে। তাৰোপৰি বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে সংখ্যালঘু এলেকাত দোকানে দোকানে গৈ সংখ্যালঘুৰ ভোট বিচাৰি ফুৰিছিল। সংখ্যালঘুক লৈ নিকৃষ্ট মন্তব্য কৰা বিজেপিয়ে অসমত সাম্প্ৰদায়িকতাৰ বীজ ৰোপন কৰিছে। যদি সংখ্যালঘু সকলে বিজেপিক ভোট নিদিয়েই তেন্তে সংখ্যালঘু লোকক নিৰ্বাচনত প্ৰাৰ্থিত্ব কিয় দিছিল বুলি মন্তব্য কৰে। বিধায়ক প্ৰশান্ত ফুকনৰ এনে মন্তব্যৰ পিছত বিজেপি সংখ্যালঘু মৰ্চাৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী জনায় ঐক্য সেনা অসমে। নে এতিয়াও সংখ্যালঘু মৰ্চাই বিজেপিৰ ভৰি চেলেকি থাকিব নেকি বুলি কঠোৰ সমালোচনা কৰে তেওঁ।

নেতাজনে লগতে কয়, এইখন শংকৰ আজানৰ দেশ। ইয়াত ভাতৃত্ববোধৰ এনাজৰি ডাল সকলোৱে বজাই ৰাখে। বিজেপি বিধায়ক প্ৰশান্ত ফুকনক ঐক্য সেনাই সকীয়াই দিয়ে যাতে ভৱিষ্যতে এনে মন্তব্যৰে নিকৃষ্ট ৰাজনীতি নকৰে। লগতে আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰশান্ত ফুকনৰ ওপৰত পোটক তুলিবলৈ ডিব্ৰুগড়বাসী সংখ্যালঘু ৰাইজক আহ্বান জনায় ঐক্য সেনা অসমে। অসম চৰকাৰেও এনেধৰণৰ সাম্প্ৰদায়িক মন্তব্য কৰা ব্যক্তিক অনতিপলমে গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় ঐক্য সেনা অসমৰ সম্পাদকগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in