শেহতীয়া খবৰ
প্ৰিয়ংকা গান্ধীক বিনাচৰ্তে মুক্তিৰ দাবীত গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ...  •  প্ৰিয়ংকা গান্ধীক বিনাচৰ্তে মুক্তিৰ দাবীত গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ...  •  গুৱাহাটী প্ৰেছ ক্লাৱত অৰুণ চন্দ্ৰ নাথৰ শিল্প ক'লা প্ৰদৰ্শন...  •  নলবাৰীত বান পৰিস্থিতিৰ সামান্য উন্নত, এতিয়াও ২২টা শিবিৰত ৫,৫৬৮ বানাক্ৰান্ত...  •  চামগুৰিৰ লাওখোৱাত অগপৰ বানসাহাৰ্য্য বিতৰণ, ৰকিবুল হুছেইনেও বিতৰণ কৰিলে সাহাৰ্য্য...  •  ওৰাঙত বজ্ৰ পৰি স্কুলীয়া ছাত্ৰী নিহত, এহাল দম্পত্তিসহ আহত কেইবাজনো...VIDEO  •  অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে কেন্দ্ৰীয় চৰকাৰে গণ্য নকৰে কিয়? ক'লে ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে, VIDEO  •  এয়াৰটেলক চেৰ পেলাই দ্বিতীয় স্থানত টেলিকম কোম্পানী জিঅ’...  •  এয়াৰটেলক চেৰ পেলাই দ্বিতীয় স্থানত টেলিকম কোম্পানী জিঅ’...  •  বিহপুৰীয়াৰ বাঁহগড়া দেউৰী গাঁৱৰ মহিলা সন্ধানহীন...

সুখবৰঃ এতিয়াৰে পৰা এইমছত চিকিৎসাৰ বাবে পাতিব নালাগে দীঘলীয়া শাৰী…

649

ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত সৰ্বসাধাৰণ লোকৰ বাবে এখন ভাল চিকিৎসালয়ত সময়মতে চিকিৎসা কৰাটো যেন এক অসম্ভৱ কাম। নৰেন্দ্ৰ মোডী চৰকাৰে যিমানেই ডিজিটেল ইণ্ডিয়াৰ কথা নকওক বাস্তৱত অনলাইনৰ যোগে বিভাগীয় এজন চিকিৎসকৰ ওচৰত নাম পঞ্জীয়ন কৰিবলৈ গৈ বহুসময়ত বিমুখ হ’ব লগা হয়। কিন্তু এই সকলোবোৰ অসুবিধাৰ দুৰ কৰি দেশৰ অন্যতম বৃহৎ চিকিৎসালয় এইমছ্ য়ে আৰম্ভ কৰিছে এক ব্যৱস্থা।

এই ব্যৱস্থাৰ জৰিয়তে এতিয়াৰে পৰা দেশত থকা এই চিকিৎসালয়খনৰ প্ৰতিতো শাখাত ৰোগীসকলে অ পি ডি (OPD )ৰ বাবে দীঘলীয়া শাৰী পতাৰ প্ৰয়োজন নহ’ব। অনলাইনৰ জৰিয়তে পূৰ্বেই ৰোগীৰ নাম পঞ্জীয়ন কৰাই সময়মতে লাভ কৰিব পাৰিব উচিত চিকিৎসা।

১২ জুলাই অথাৎ শুকুৰবাৰৰে পৰা এই ব্যৱস্থাৰ বাবে অনলাইন প্ৰক্ৰিয়া আৰম্ভ হৈছে। উল্লেখ্য যে, অনলাইন পঞ্জীয়নৰ বাবে আধাৰ কাৰ্ড থকাটো বাঞ্চনীয়।

কেনেকৈ কৰিব অনলাইন পঞ্জীয়নঃ

  • আপুনি AIIMSৰ ৱেবছাইটত গৈ ‘ৰেজিষ্ট্ৰেচন’ ত ক্লিক কৰক ।
  • স্কীণত অপচন ওলাবঃ “নতুন ৰেজিষ্ট্ৰেচন” নে “পুৰণা ৰেজিষ্ট্ৰেচন”৷
  • নতুন ৰেজিষ্ট্ৰেচন”ত গৈ আপোনাৰ “আধাৰ নম্বৰ”টো অন্তৰ্ভুক্ত কৰি দিলেই আপোনাৰ সবিশেষ স্কীণত দৃশ্যমান হ’ব৷
  • এতিয়া আপুনি কোন বিভাগ(OPD)ৰ ডাক্তৰক দেখুৱাবলৈ ইচ্ছা কৰিছে, সেইটো ক্লিক কৰক ৷
  • ইয়াৰ পিছতে দৃশ্যমান হ’ব আপোনাৰ “পেমেণ্ট অপ্‌চন” ৷
  • এতিয়া আপোনাৰ সুবিধা অনুযায়ী ক্ৰেডিট কাৰ্ড বা এ টি এম কাৰ্ডৰ জৰিয়তে আপুনি পেমেণ্ট কৰি দিয়ক ৷
  • মুহূৰ্ততে আপোনাৰ মোবাইলত দৃশ্যমান হ’ব ডাক্তৰৰ নাম, সময়, OPD কাউণ্টাৰৰ নম্বৰ আৰু অন্যান্য প্ৰয়োজনীয় তথ্য।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি