চিকিৎসকৰ কৰ্তব্য পালনঃ এইমছত অগ্নিকাণ্ডৰ মাজতে জন্ম হৈছিল এটি কন্যা সন্তান…

চিকিৎসকৰ কৰ্তব্য পালনঃ এইমছত অগ্নিকাণ্ডৰ মাজতে জন্ম হৈছিল এটি কন্যা সন্তান…

ডিজিটেল ডেস্কঃ শনিবাৰে দিল্লীস্থিত এইমছত সূত্ৰপাত হৈছিল ভয়ংকৰ অগ্নিকাণ্ডৰ। জুই ইমানেই ভয়াৱহ আছিল যে নিৰ্বাপন কৰিবলৈ ৪০ খনৰো অধিক বাহনৰ লগতে ২০০ অগ্নিনিৰ্বাপক বাহিনীৰ জোৱানৰ প্ৰচেষ্টাত কেইবাঘন্টাৰ পিছত নিৰ্বাপিত হৈছিল জুই। এইমছৰ এই বিধ্বংসী অগ্নিকাণ্ডৰ মাজতে চিকিৎসালয়খনত এগৰাকী প্ৰসুতিয়ে জন্ম দিছিল এটি কন্যা সন্তান।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, শুকুৰবাৰে এইমছত অগ্নিকাণ্ড সংঘটিত হোৱা ব্লকটোত আছিল কেইবাগৰাকীও প্ৰসুতি। অগ্নিকাণ্ডৰ ফলত ততাতৈয়াকৈ সকলোকে অন্য স্থানলৈ স্থানান্তৰ কৰা হৈছিল যদিও ইয়াৰ মাজতে এগৰাকী প্ৰসুতিৰ প্ৰসৱ পীড়া আৰম্ভ হয়। মহিলাগৰাকীৰ এই অৱস্থা প্ৰত্যক্ষ কৰি সেই স্থানত উপস্থিত থকা নাৰ্চ-চিকিৎসকসকলে ঠাই টুকুৰা কাপোৰেৰে বেৰি মহিলাগৰাকীৰ প্ৰসৱ কৰোৱায়।

উল্লেখ্য যে, শনিবাৰে নিশা অগ্নিকাণ্ডৰ সময়ত নাৰ্চ, চিকিৎসক আৰু চিকিৎসালয়খনৰ সকলো কৰ্মচাৰীয়ে ৰোগীক নিৰাপদ স্থানলৈ নিবলৈ হাতে-কামে লাগিছ্লি। ইয়াৰ মাজতে চিকিৎসকে নিজৰ কৰ্তব্য নিয়াৰিকৈ পালন কৰাৰ বাবে মহিলাগৰাকীৰ পৰিয়ালে ধন্যবাদ জনাইছে চিকিৎসকসকলক। বৰ্তমান মাতৃ-কন্যা দুয়োগৰাকীয়েই সুস্থ বুলি এইমছৰ কতৃপৰ্ক্ষই জানিবলৈ দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in