তৃতীয় দিনাও সন্ধান নাই মেছুকাত সন্ধানহীন বায়ু সেনাৰ বিমানৰ…

তৃতীয় দিনাও সন্ধান নাই মেছুকাত সন্ধানহীন বায়ু সেনাৰ বিমানৰ…

ডিজিটেল ডেস্কঃ মেছুকাত সন্ধানহীন হোৱা বায়ু সেনাৰ বিমান এ এন-৩২ৰ সন্ধান বুধবাৰেও পোৱা নগ'ল। বেয়া বতৰৰ বাবে উদ্ধাৰ অভিযানত ব্যৱহাৰ কৰা ভাৰতীয় সেনাৰ হেলিকপ্টাৰেৰে ভালদৰে অভিযান চলাব নোৱাৰিলে দিনটোত।

ভাৰতীয় সেনা, বায়ু সেনা, নৌ সেনা, স্থানীয় আৰক্ষী, প্ৰশাসনৰ লগতে স্থানীয় লোকেও এই অভিযানত নামি পৰিছে। বায়ু সেনাৰ সূত্ৰই জানিবলৈ দিয়া মতে, এই সন্ধানহীন বিমানখনৰ সন্ধানত নিশাও অভিযান অব্যাহত থাকিব।

ইফালে, মেছুকাত সংঘটিত বিমান সন্ধানহীনৰ ঘটনাই ভাৰতীয় বায়ু সেনাৰ বৰ্তমানৰ আন্তঃগাঁথনিক লৈও প্ৰশ্ন উত্থাপন হৈছে। ৰৰৈয়াৰ পৰা মেছুকালৈ উৰা মৰা এ এন ৩২ বিমানখন আছিল ৰাছিয়াত নিৰ্মিত।

এই বিমানখনৰ সন্দৰ্ভত বহু উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। জানিব পৰা মতে, বিমানখনত সংলগ্ন হৈ থকা এছ অ' এছ ছিগনেল ইউনিটটো ১৪ বছৰ পুৰণি আছিল। লক্ষণীয় যে, দুপৰিয়া ১২.২৫ বজাত ৰৰৈয়াৰ পৰা মেছুকাৰ এডভান্স লেণ্ডিং গ্ৰাউণ্ডৰ দিশে উৰা মৰা বিমানখন ৩৩ মিনিট উৰাৰ পাছতেই নিয়ন্ত্ৰণ কক্ষৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছিল।

ভাৰতীয় বায়ু সেনাত এ এন ৩২ শ্ৰেণীৰ বিমান ১৯৮৬চনতেই অন্তৰ্ভুক্ত কৰা হৈছিল। বৰ্তমান বায়ু সেনাৰ অধীনত থকা এই বিমানসমূহৰ বেছিভাগতেই সময় অনুসৰি উন্নত প্ৰযুক্তি সংলগ্ন নকৰাৰো অভিযোগ উঠিছে।

২০০৯চনত ভাৰতে ইউক্ৰেইনৰ সৈতে এনে বিমান উন্নতকৰণৰ বাবে ৪০০ মিলিয়ন ড'লাৰৰ এক চুক্তি স্বাক্ষৰিত কৰিছিল। সেই চুক্তি অনুসৰি বিমানসমূহ অত্যাধুনিক কৰাৰ কথা আছিল যদিও, সেই কাম সম্পূৰ্ণ হৈ উঠা নাছিল।

ইয়াৰ পূৰ্বে ২০০৯চনত এ এন ৩২ৰ এখন বিমান অৰুণাচলৰ মেছুকালৈ গৈ থকা সময়তে দুৰ্ঘটনাত পতিত হৈছিল। সেই বিমানখনতো ১৩গৰাকী বায়ু সেনাৰ বিষয়া-কৰ্মচাৰী আছিল। ১০ বছৰৰ পাছত অনুৰূপ ধৰণে এ এন ৩২ শ্ৰেণীৰ আন এখন বায়ু সেনাৰ বিমান সন্ধানহীন হৈ পৰিছে। যিখনতো আছিল ১৩গৰাকী বায়ু সেনাৰ বিষয়া-কৰ্মচাৰী।

২০১৬চনৰ ২৬ জুলাইতো এ এন ৩২ শ্ৰেণীৰেই ভাৰতীয় বায়ু সেনাৰ এখন বিমান সন্ধানহীন হৈছিল। চেন্নাইৰ পৰা আন্দামান নিকোবৰলৈ গৈ থকা এই বিমানখনত আছিল ২৯গৰাকী বায়ুসেনাৰ বিষয়া-কৰ্মচাৰী।কিন্তু সেই সন্ধানহীন বিমানখনৰ সন্ধান নাপালে উদ্ধাৰকাৰী দলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in