আঙুলি দেখুৱাই এছ ডি এমক বিধায়কৰ প্ৰশ্ন- ‘মই কোন জানে?’ চাওঁক VIDEO

আঙুলি দেখুৱাই এছ ডি এমক বিধায়কৰ প্ৰশ্ন- ‘মই কোন জানে?’ চাওঁক VIDEO

ডিজিটেল ডেস্কঃ বৰ্তমান ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ'। ভিডিঅ'টোত এজন বিজেপি বিধায়কে এগৰাকী এছ ডি এমক নিজৰ পদক শক্তি দেখুৱাই দিছে ধমক দিয়া দেখিবলৈ পোৱা গৈছে। উল্লেখ্য যে, আগ্ৰাত বিজেপি বিধায়ক উদয়ভান চৌধুৰীয়ে এছ ডি এম গৰিমা সিংক দিয়া ধমকৰ এই ভিডিঅ'টি এটিয়া ছ'চিয়াল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ'টোত বিধায়ক গৰাকীয়ে এছ ডি এম গৰিমা সিঙক কয়- 'আপুনি নাজানে মই কোন হয়? তুমি মোৰ শক্তি আৰু লোকতন্ত্ৰৰ শক্তি কিমান নাজানা নেকি?'

জানিব পৰা মতে, কৃষকসকলৰ বিষয়ক লৈ বিজেপি বিধায়কগৰাকীয়ে এছ ডি এমগৰাকীৰ সৈতে বৈঠকত মিলিত হ'বলৈ গৈছিল। কৃষকৰ হকে এছ ডি এমগৰাকীক লগ কৰিবলৈ যোৱা সময়তে সকলোৰে আগত এনেকৈ ধমক দি কথা কোৱাতো কিমান যুক্তিসংগত তাক লৈও বহুত প্ৰশ্ন উত্থাপিত হৈছে। লক্ষণীয় যে, ইয়াৰ পূৰ্বে বহু সময়ত কেবাগৰাকীও বিষয়াৰ সৈতে নেতা-বিধায়কসকলে এনে ধৰণৰ বেয়া ব্যৱহাৰ কৰা দেখিবলৈ পোৱা গৈছে। চাওঁক এছ ডি এম গৰাকীক বিধায়কগৰাকীয়ে আঙুলি দেখুৱাই গৰজি উঠা এই ভিডিঅ'-  

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in