দিল্লীত অমিত শ্বাহৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ উপস্থিতিত অগপ – ইউপিপিএলৰে বৈঠক আৰম্ভ…

দিল্লীত অমিত শ্বাহৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ উপস্থিতিত অগপ – ইউপিপিএলৰে বৈঠক আৰম্ভ…

ডিজিটেল ডেস্ক : গুৱাহাটীত অসমন ভাগবতৰাকলৈ কেবালানি বৈঠকত মিলিত হোৱাৰ পিছত অগপ আৰু বিজেপিৰ নেতৃত্ব উৰা মাৰিছিল দিল্লীলৈ । দিল্লীত গৈ উপস্থিত হোৱা বিজেপি ৰাজ্যিক নেতৃত্বৰ সৈতে প্ৰথমে বৈঠকত মিলিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ।

তাৰ পিছতেই সন্ধিয়া অগপ আৰু ইউপিপিএলৰ নেতৃত্বৰ সৈতে বিজেপিৰ ৰাজ্যিক নেতৃত্বৰ উপস্থিত আন এক বৈঠকত মিলিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকী । অমিত শ্বাহৰ বাসগৃত অনুষ্ঠিত এই বৈঠকতে চূড়ান্ত কৰা হ'ব অগপ আৰু ইউপিপিএলক কোন কেইটা সমষ্টি বিজেপিয়ে এৰি দিব ।

বিজেপিৰ এক শীৰ্ষ সূত্ৰই জানিবলৈ দিয়া মতে এই তালিকা আনুষ্ঠানিক ভাবে ৫ মাৰ্চতহে প্ৰকাশ কৰিব দলটোৱে । উল্লেখযোগ্য যে ২০১৬ চনত বিজেপিয়ে অগপ আৰু বিপিএফৰ সৈতে মিত্ৰতা কৰি প্ৰতিদন্দিতা কৰিছিল । সেই নিৰ্বাচনত বিজেপিয়ে ৮৪ টা সমষ্টিত,অগপই ২৪ টা সমষ্টিত আৰু বিপিএফে ১৬ টা সমষ্টিত প্ৰতিদন্দিতা কৰিছিল । এইবাৰ বিজেপিয়ে অগপক কেইটা সমষ্টি এৰি দিয়ে এই সন্দৰ্ভত ব্যপক চিন্তা চৰ্চা চলিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in