মোডী-অমিত শ্বাহক সাক্ষাৎ অগপৰ প্ৰতিনিধি দলৰ

মোডী-অমিত শ্বাহক সাক্ষাৎ অগপৰ প্ৰতিনিধি দলৰ

ডিজিটেল ডেস্কঃ নতুন দিল্লীত অগপৰ এটা প্ৰতিনিধিৰ দলে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰম মোডী আৰু গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰে। অগপৰ প্ৰতিনিধি দলটোত নেতৃত্ব দিছিল অগপৰ সভাপতি অতুল বৰাই।এই প্ৰতিনিধিৰ দলটোত আছিল অগপৰ কাৰ্যবাহী সভাপতি কেশৱ মহন্ত, সত্যব্ৰত কলিতা, কমলা কলিতা, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ফণীভূষণ চৌধুৰী আৰু নৱনিৰ্বাচিত ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য।

প্রধানমন্ত্ৰীক সাক্ষাৎ কৰি অগপ নেতৃত্বই ৰাজ্যৰ সমস্যাসমূহ সমাধানৰ বাবে আহ্বান জনায়। দলটোক প্রধানমন্ত্ৰী মোডীয়ে অসমৰ জনসাধাৰণসমূহক দিয়া প্ৰতিশ্ৰুতি সমূহ পূৰণ কৰিব বুলি আশ্বাস প্ৰদান কৰিলে। অগপ প্ৰতিনিধি দলটোৱে গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি ৰাজ্যৰ জলন্ত সমস্যাৰ সমাধানৰ বাবেও গৃহ মন্ত্ৰীগৰাকীক অনুৰোধ জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in