লোকসভা নিৰ্বাচন-২০১৯, অতুল বৰাৰ নেতৃত্বত ৰণকৌশল প্ৰস্তুত সমিতি গঠন অসম গণ পৰিষদৰ

লোকসভা নিৰ্বাচন-২০১৯, অতুল বৰাৰ নেতৃত্বত ৰণকৌশল প্ৰস্তুত সমিতি গঠন অসম গণ পৰিষদৰ
  • লোকসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে অসম গণ পৰিষদে।
  • অগপই গঠন কৰিলে লোকসভা নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত সমিতি।
  • সভাপতি অতুল বৰাৰ নেতৃত্বত ৯ জনীয়া কমিটী গঠন কৰিলে আঞ্চলিক দলটোৱে।
  • কমিটীত আছে অতুল বৰা, কেশৱ মহন্ত, প্ৰফুল্ল মহন্ত, বৃন্দাবন গোস্বামী, ফণীভূষণ চৌধুৰী।
  • লগতে আছে কমলা কলিতা, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু প্ৰদীপ হাজৰিকা।
  • লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ সমিতি আৰু ইস্তাহাৰ সমিতিও গঠন।
  • মনোজ শইকীয়াক প্ৰচাৰ সমিতিৰ আহ্বায়কৰ দায়িত্ব প্ৰদান কৰা হৈছে।
  • ইস্তাহাৰ সমিতিৰ আহ্বায়কৰ দায়িত্বত থাকিব বিধায়ক পবীন্দ্ৰ ডেকা।
  • নিৰ্বাচনত অগপৰ স্থিতিক লৈ সিদ্ধান্ত ল'ব ৰণকৌশল প্ৰস্তুত সমিতিয়ে।
  • বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই সংবাদ মাধ্যমৰ আগত কয়-
  • 'মিত্ৰতা সন্দৰ্ভত এতিয়াও অগপই সিদ্ধান্ত লোৱা নাই।'
  • 'এই মুহূৰ্তত অকলেই নিৰ্বাচন খেলাৰ পক্ষত আছে অগপ।'
  • 'এইক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত ল'ব ৯ জনীয়া কমিটীয়ে।'
  • 'নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি যাব অগপই।'
  • 'মিত্ৰতা সন্দৰ্ভত অগপৰ নাম এবাৰ বিজেপিৰ লগত এবাৰ কংগ্ৰেছৰ লগত সাঙোৰ খাইছে।'
  • 'এই কথাই প্ৰমাণ কৰিছে অগপৰ প্ৰাসংগিকতা এতিয়াও আছে।'
  • অমিত শ্বাহে লখিমপুৰত কৰা মন্তব্যক দুৰ্ভাগ্যজনক আখ্যা কলিতাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in