এইবাৰো চৰকাৰ আমাৰ, বিশ্বাস নথকাসকলে বাহিৰলৈ পঠাইছে প্ৰাৰ্থীকঃ অতুল বৰা…

এইবাৰো চৰকাৰ আমাৰ, বিশ্বাস নথকাসকলে বাহিৰলৈ পঠাইছে প্ৰাৰ্থীকঃ  অতুল বৰা…

ডিজিটেল ডেস্কঃ সোমবাৰে আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত অগপ নেতৃত্বই সম্বোধন কৰে এখন সংবাদমেল। এই সংবাদমেলত দলটোকৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই দাবী কৰে যে, ২ মে'ত অসমত মিত্ৰজোঁটৰ চৰকাৰ হবই।

বৰাই লগতে নিৰ্বাচন ৰাইজে দেখুৱা মৰম, শুভেচ্ছা আৰু আশীৰ্বাদৰ বাবে ধন্যবাদ জ্ঞাপন কৰি কয়-আমি নিশ্চিত এইবাৰো বিজেপিৰ নেতৃত্বত মিত্ৰজোটৰ চৰকাৰ হ'ব। হৰ্ছ টেড্ৰিঙক লৈ বৰাই কয় যে, একাংশ দলে তেওঁলোকৰ নির্বাচনী প্ৰাৰ্থীক বাহিৰলৈ লৈ গৈছে। অৰ্থাৎ নিজৰ প্ৰাৰ্থীৰ ওপৰত আস্থা নাই। তেওঁলোকৰ দলক ৰাইজে কিদৰে বিশ্বাসত ল'ব।

মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত বক্তব্য ৰাখি কয়, আমি এনেধৰণৰ নীতিহীন ৰাজনীতিত বিশ্বাস নকৰো। সংবাদমেলত বিৰোধী দল তথা কংগ্ৰেছক তীক্ষ্ম কটাক্ষ কৰে অতুল বৰাই। তেওঁ কয়, কংগ্ৰেছক ৰাইজে বিশ্বাসত লোৱা নাই। তদুপৰি কংগ্ৰেছ এইবাৰ নতুন ৰূপত অৱতীৰ্ণ হৈছে। এইবাৰ তেওঁলোকে আজমলক লগত লৈ যুঁজিছে। গতিকে ৰাইজে তেওঁলোকক নিশ্চিতভাৱে প্ৰত্যখ্যান কৰিব।

নিৰ্বাচনত কিমান আসন পাব বুলি সোধা প্ৰশ্নৰ উত্তৰত বৰাই কয় যে, আসন কিমান পাব মই জ্যোতিষীৰ দৰে নকওঁ। ২ মেত সেই কথা গম পাব। মুঠতে আমাৰ চৰকাৰ হ'বই, এয়া নিশ্চিত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in