উত্তৰ শালমাৰা জিলা পৰিষদত প্ৰচাৰ তীব্ৰতৰ অগপৰ

উত্তৰ শালমাৰা জিলা পৰিষদত প্ৰচাৰ তীব্ৰতৰ অগপৰ

ডিজিটেল সংবাদ, অভয়াপুৰীঃ পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহা লগে লগে নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে বিভিন্ন ৰাজনৈতিক দলসমূহে৷ বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা জিলা পৰিষদ দখলৰ বাবে ইতিমধ্যে প্ৰচাৰ তীব্ৰতৰ কৰি তুলিছে অসম গণ পৰিষদে৷

যোৱাবাৰৰ কংগ্ৰেছৰ পৰা নিৰ্বাচিত প্ৰাৰ্থীগৰাকীয়ে জনসাধাৰণক প্ৰতাৰণা কৰাৰ সুযোগ লৈ প্ৰাক্তন বিধায়ক তথা অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক ভূপেন ৰায়ৰ নেতৃত্বত উত্তৰ শালামাৰা জিলা পৰিষদৰ মুঠ ১০খন গাওঁ পঞ্চায়তৰ কেবাখনতো দেওবাৰে প্ৰচাৰ কাৰ্য চলোৱাৰ লগতে কাৰ্যালয় মুকলি কৰে নেতাগৰাকীয়ে৷

বইটামাৰী, কায়েথপাৰা, ধনতোলা, দেওহাটি, পাচনীয়া, মালেগড় আদি কেবাঠাইতো উত্তৰ শালমাৰা জিলা পৰিষদৰ সদস্য পদৰ অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী অৰুণ ৰায়ক লগত লৈ প্ৰচাৰ কাৰ্য চলায় ভূপেন ৰায়ে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in