কা সমৰ্থন কৰে নে বিৰোধ, ৭ দিনৰ ভিতৰত স্পষ্ট কৰক স্থিতি! তৃণমূল কৰ্মীৰ ক্ষোভ, নগণ্য সংখ্যক অগপৰ নেতাইহে সমৰ্থন কৰে ‘কা’…

কা সমৰ্থন কৰে নে বিৰোধ, ৭ দিনৰ ভিতৰত স্পষ্ট কৰক স্থিতি! তৃণমূল কৰ্মীৰ ক্ষোভ, নগণ্য সংখ্যক অগপৰ নেতাইহে সমৰ্থন কৰে ‘কা’…

ডিজিটেল সংবাদ, গুৱাহাটীঃ কাক লৈ অগপৰ মাজত হোৱা বিভাজনৰ চূড়ান্ত ৰূপ ললে মঙলবাৰে। প্ৰফুল্ল মহন্তকে ধৰি কেবাগৰাকী নেতাৰ উপস্থিতিত এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হোৱাৰ কথা আছিল অগপৰ আমবাৰীৰ কাৰ্যালয়ত। পিছে সভাৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামী আৰু বিধায়ক প্ৰবীন্দ্ৰ ডেকাৰ লগতে বহু অগপৰ নেতা-কৰ্মী উপস্থিত হৈছিলগৈ যদিও তেওঁলোকে অনুষ্ঠানটো অনুষ্ঠিত কৰিব নোৱাৰিলে। কাৰণ কাৰ্যালয়ৰ ৩খন প্ৰৱেশদ্বাৰতে ওলমি আছিল তলা। লগতে কাৰ্যালয়ৰ চৌহদত মোতায়েন কৰি ৰখা আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়েও সোমোৱাত বাধা দিলে অগপৰ সদস্যসকল।

পৰৱৰ্তী সময়ত অসম সাহিত্য সভাৰ লক্ষ্মীৰাম বৰুৱা সদনত অনুষ্ঠিত হয় এই মত বিনিময় অনুষ্ঠান। অনুষ্ঠানত দলটোৰ সভাপতি অতুল বৰাৰ লগতে ক্ষমতাৰ স্বাৰ্থত কাক সমৰ্থন কৰা অগপৰ নেতা-মন্ত্ৰীসকলৰ বিৰুদ্ধে গৰজি উঠে তৃণমূল কৰ্মীসকল। তেওঁলোকে অতুল বৰাক দেশদ্ৰোহী আখ্যা দিয়াৰ লগতে দলৰ পৰা বহিস্কাৰ কৰাৰো দাবী তোলে।

ইফালে এই অনুষ্ঠানতে লোৱা হয় কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মঙলবাৰে নাগৰিকত্ব সংশোধনী আইন কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰ দিয়ে সমবেত হোৱা অগপৰ সদস্যসকলে। ৰাজনৈতিক সিদ্ধান্তৰে কা অনাৰ অভিযোগ কৰি সংবাদমাধ্যমৰ আগত বৃন্দাবন গোস্বামীয়ে কয়, ৰাজনৈতিক সিদ্ধান্তৰে অনা কাৰ সমস্যা ৰাজনৈতিকভাৱেই মীমাংসা কৰিব লাগিব। ৭ দিনৰ ভিতৰত নিজ স্থিতি স্পষ্ট কৰাৰ বাবেও কেন্দ্ৰীয় নেতৃত্বক দাবী জনোৱাৰ লগতে স্থিতি স্পষ্ট কৰিব নোৱাৰিলে দায়িত্ব এৰাৰ বাবেও দাবী জনাই তেওঁ।

ইফালে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত আৰক্ষীৰ গুলীত নিহত হোৱা পাঁচজন শ্বহীদৰ ঘটনাক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দ্ধাৰা তদন্ত কৰিবলৈও দাবী জনায় মঙলবাৰৰ অনুষ্ঠানটোত উপস্থিত লোকসকলে। অগপৰ বাহিৰৰ কোনো লোকে মত বিনিময় অনুষ্ঠানটোত ভাগ লোৱা নাই বুলি উল্লেখ কৰি তেজপুৰৰ বিধায়ক বৃন্দানব গোস্বামীয়ে কয়, তলা বন্ধ কৰি ৰখা কাৰ্যালয়টো মুকলি কৰি দিব লাগে। নিজ দলৰে সকলো লোক যাব পৰাকৈ মুকলি কৰি দিব লাগে কাৰ্যালয়তো।

তেওঁ লগতে নাগৰিকত্ব সংশোধনী আইন বিৰোধিতা কৰো বুলি উল্লেখ কৰি কয়, আৰম্ভণিৰ পৰা অগপই প্ৰৱল সংগ্ৰাম কৰিছিলো। আমি কোনো কাৰণতে নাগৰিকত্ব সংশোধনী আইনখন মানিব নোৱাৰো। ৰাইজৰ লগতে আমাৰ দলৰ কৰ্মীৰো শংকা হৈছে। অসুবিধাত পৰিছে সকলো। বহু লোকে কা সমৰ্থন কৰো বুলি কয়, আন কোনো লোকে কা বিৰোধ কৰো বুলি কয়। এই অৱস্থাত তৃণমূল কৰ্মীসকল চিন্তাত পৰিছে বুলি কৈ বিধায়কগৰাকীয়ে কয়, আমাৰ বহু কৰ্মীয়ে এতিয়া পদত্যাগ কৰিছে। তেওঁলোক ক্ষোভিত আৰু চিন্তিত হৈছে। যাৰ বাবে আমাক লগ কৰি অসুবিধাসমূহ ব্যক্ত কৰাৰ বাবেই মঙলবাৰৰ মত বিনিময় অনুষ্ঠানটোৰ আয়োজন কৰা হৈছিল। সেইবাবে আমাক লগ কৰিলে কথা পাতিলে।

প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই কয়, নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ বাবে আমাৰ কৰ্মীসকল চিন্তিত হৈছে। শংকিত হৈছে তেওঁলোক, কাৰণ আমাৰে বহুতো কাৰ্যালয় ভাঙি দিয়া হৈছে। দলৰ আমবাৰীৰ কাৰ্যালয় বন্ধ কৰি ৰখাৰ প্ৰসংগত মহন্তই কয়, এটা গণতান্ত্ৰিক কাৰ্যালয় বন্ধ কৰি ৰখাটো গণতান্ত্ৰিক কাম নহয়। ৰাইজৰ দান বৰঙণিৰে আমি কাৰ্যালয়টো নিৰ্মাণ কৰিছিলো। কাৰ্যালয়ত সকলো লোকে সোমাব পাৰিব লাগে। পুলিচ-মিলিটাৰী লগাই এনেদৰে কাৰ্যালয় বন্ধ কৰি ৰখা কাম গ্ৰহণযোগ্য নহয়।

বিধায়ক পবীন্দ্ৰ ডেকাই কয়, আমাৰ দলৰ কেন্দ্ৰীয় সমিটিৰ কেইগৰাকীমান নেতাই দলৰ কা বিৰোধী সাধাৰণ পৰিষদৰ প্ৰস্তাৱ থকাৰ স্বত্বেও তেওঁলোক নিমাত হৈ বহি আছে। যাৰ বাবে সমগ্ৰ অসমতে দলটোৰ প্ৰতি মানুহ বিতুষ্ট হৈছে। দলৰ কৰ্মীসকল নিৰ্যাতিত হৈছে।

উল্লেখ্য যে, মঙলবাৰৰ মত বিনিময় অনুষ্ঠানটোত ৩০ খন জিলা কমিটিৰ লগতে ৪ খন পৰিষদে অংশ কৰে। অনুষ্ঠানটোত ভাগ লোৱা কা বিৰোধী সমিটিসমূহলৈ লক্ষ্য ৰাখি আইনখনৰ সমৰ্থনত থকা অগপৰ কমিটিৰ সংখ্যা মাত্ৰ ১৭ খন হয়গৈ। অৰ্থাৎ অগপৰ ভিতৰচৰাত সৃষ্টি হোৱা অচলাৱস্থাৰ বিষয়ে সম্পূৰ্ণৰূপে ফুটি উঠিল মঙলবাৰে। ক্ষমতাৰ স্বাৰ্থত নগণ্যসংখ্যক অগপ কৰ্মীৰ বাদে অধিকাংশ লোকেই যে কা বিৰোধ কৰে সেই কথাই প্ৰকাশ পালে মঙলবাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in