অগপত মুকলি সংঘাত, ছদ্মবেশী নেতাৰ সভাতহে বোলে ভাগ লৈছিল প্ৰফুল্ল-বৃন্দাবন-পবীন্দ্ৰই, একে ৰাতিতে কামৰূপ মহানগৰৰ নতুন কমিটি গঠন, VIDEO

অগপত মুকলি সংঘাত, ছদ্মবেশী নেতাৰ সভাতহে বোলে ভাগ লৈছিল প্ৰফুল্ল-বৃন্দাবন-পবীন্দ্ৰই, একে ৰাতিতে কামৰূপ মহানগৰৰ নতুন কমিটি গঠন, VIDEO

ডিজিটেল সংবাদ, গুৱাহাটীঃ ক্ষমতাৰ খোৱা-কামোৰাত ব্যস্ত অগপৰ নেতৃত্ব। বুধবাৰে প্ৰমাণ হ'ল এই কথা। এতিয়া অগপত ক্ষমতাৰ বাবে নেতাই যিকোনো সিদ্ধান্তই ল'ব পাৰে। মঙলবাৰে শীৰ্ষ নেতৃত্বক প্ৰত্যাহ্বান জনাই প্ৰফুল্ল মহন্তৰ লগতে বৃন্দাৱন গোস্বামী, প্ৰবীন্দ্ৰ ডেকা আৰু আন একাংশই অনুষ্ঠিত কৰিছিল নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে এক বৈঠক। মূলত মত বিনিময় অনুষ্ঠান নাম দিলেও এই বৈঠকত সকলো উপস্থিত নেতা সৰৱ হৈছিল কাক লৈ। কাৰ বিৰুদ্ধে শ্লোগান দিয়া সভাখনত তোলা হৈছিল অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰীৰ পদত্যাগৰ দাবী। আন কি সভা অনুষ্ঠিত কৰিবলৈ যোৱা দলৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ ৩ প্ৰৱেশদ্বাৰত ওলমি আছিল প্ৰকাণ্ড তলা।

বুধবাৰে দলৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত হ'ল অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰীৰ উপস্থিতিত আন এখন সভা। এই সভাত উপস্থিত আছিল দলৰ আন বহু কৰ্মীও। সভাখনতে সম্বৰ্ধনা জনোৱা হয় বিধায়ক হিচাপে ৩৫ বছৰ গৰকা নেতা ফণীভূষণ চৌধুৰীক। দলীয় কৰ্মীয়ে গামোচাৰে নেতাগৰাকীক সম্বৰ্ধনা জনায়। অৱশ্যে আন এগৰাকী নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তকহে সম্বৰ্ধনা নজনালে অগপ নেতৃত্বই। তাৰ পিছতে সংবাদমেল সম্বোধন কৰে অগপ নেতা কমলা কলিতাই। সংবাদমেলত প্ৰফুল্ল মহন্তক কিয় সম্বৰ্ধনা নজনালে সাংবাদিকে সোধা প্ৰশ্নত কমলা কলিতাই প্ৰফুল্ল মহন্ত উপস্থিত নথকাৰ বাবেই সম্বৰ্ধনা জনোৱা নাই বুলি মন্তব্য কৰে।

অপগৰ আমবাৰীৰ কাৰ্যালয়ত সম্বোধন কৰা সংবাদমেলখনত সাংগঠনিক নিষ্ক্ৰিয়টাৰ অভিযোগত মঙলবাৰে অগপৰ কামৰূপ মহানগৰ কমিটিখন ভংগ কৰা হয় বুলি জনায়। অৱশ্যে কাৰ বিৰোধিতাৰ শ্লোগান দিয়াৰ বাবেই কমিটিখন বংগ কৰা হৈছে বুলি বিষয়টোৱে চৰ্চা লাভ কৰিছে। কিয়নো মঙলবাৰৰ বৈঠকখনত প্ৰফুল্ল কুমাৰ মহন্ত তথা আন নেতাসকলৰ সৈতে উপস্থিত থাকি কামৰূপ মহানগৰ অগপই কাৰ বিৰুদ্ধে শ্লোগান দিয়াৰ লগতে কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰিছিল।

সংবাদমেলখনত কামৰূপ মহানগৰ কমিটিৰ নতুন কাৰ্যপন্থা সম্পৰ্কেও ঘোষণা কৰে কমলা কলিতাই। তেওঁ কয়, অহা জানুৱাৰীত কৰ্মী সন্মিলন অনুষ্ঠিত হ'ব। আটাইকেইটা ৱাৰ্ডে লগ লাগি কাম কৰিব। সাংবাদিকে অগপত উলম্ব বিভাজন হৈছে নেকি বুলি সোধা প্ৰশ্নত তেওঁ কয়, মঙলবাৰৰ সভাখনত অগপৰ কেইগৰাকীমান কৰ্মীহে উপস্থিত আছিল। আহ্বায়ক সকলো ছদ্মবেশী আছিল। আহ্বান কৰাসকলৰ একাংশই আহ্বান নাইকৰা বুলি এতিয়া জনাইছে। ছদ্মবেশৰ আঁৰত কোন আছে নাজানো। ইফালে পৰোক্ষভাৱে প্ৰফুল্ল মহন্তলৈ আঙুলিয়াই তেওঁ কয়, আমাৰ দলৰ কোনো শীৰ্ষ নেতৃত্ব জড়িত আছে বুলি ভাব হৈছে। সেই সভাত উপস্থিত থকা মাত্ৰ ৩০জন মান লোকহে অগপৰ হয়। বাকীসকল চিনাকি নহয়।

৯০ শতাংশ লোকে অগপৰ সদস্য নহয় বুলিও উল্লেখ কৰি নেতাগৰাকীয়ে কয় যে, মঙলবাৰৰ সভাখনত থকা অধিকাংশ লোকেই অগপৰ কাৰ্যালয় গচকি পোৱা নাই। এনে সভাই আমাক কোনো ক্ষতি কৰিব নোৱাৰে। সমগ্ৰ বিষয়টো আমি অনুসন্ধান কৰিবলৈ দায়িত্ব দিছোঁ। প্ৰতিবেদন আহিব এই বিষয়ত। দলৰ যিসকল নেতা আছিল তেঁওলোকৰ ওপৰত ব্যৱস্থা লব দলে। দলৰ কাৰ্যালয়ত মঙলবাৰে তলা বন্ধ কৰি ৰখা সন্দৰ্ভত প্ৰশ্ন কৰাত তেওঁ কয়, যিকোনো মানুহে কাৰ্যালয়ত সভা পাতিব নোৱাৰে। কাৰ্যালয়ত কোনো অনুমতি লোৱা নাছিল, কাৰ্যালয় বিচৰাও নাছিল। তেওঁলোকে ৰাইজক আভুৱা ভৰিবলৈ চেষ্টা কৰিছে। মঙলবাৰৰ সভাখনত মাত্ৰ ৩খন সমিতিৰ সভাপতিহে উপস্থিত আছিল। নগাঁও, তেজপুৰ, গুৱাহাটী মহানগৰ জিলাৰ বাদে বাকী লোক নাছিল। আমি তেওঁলোকৰ বিষয়টো অনুসন্ধান কৰি দলৰ মজিয়াত আলোচনা কৰি ব্যৱস্থা লম।

দলৰ স্থিতি স্পষ্ট কৰাৰ বাবে মঙলবাৰে সভাই ৭ দিনৰ সময়সীমা দিয়া বুলি প্ৰশ্ন কৰাত কলিতাই কয়, বাহিৰৰ মানুহে আমাক সময়সীমা দিবলৈ কৰ্তৃত্ব নাই। আমিও কা বিৰোধিতা কৰিছোঁ। বেলেগে বেলেগ ৰাস্তাৰে কৰিছে, আমিও বেলেগ ৰাস্তাৰে কৰিছোঁ। আমাৰ সংবিধান আছে আৰু সংবিধান মতে সকলো হ'ব বুলিও কয় কলিতাই।

উল্লেখ্য যে, মঙলবাৰে প্ৰায় ৩৫ জনীয়া নতুন কমিটি গঠন কৰা হয় অগপৰ কামৰূপ মহানগৰ জিলাত। এই কমিটিত ৰাজেন মেধিক সভাপতিৰ দায়িত্ব দিয়াৰ লগতে নৱ নিৰ্বাচিত সম্পাদকদ্বয় তপন দাস আৰু খনিন বৰা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in