লোকসভাৰ প্ৰাকক্ষণত ৭০ সংগঠনৰ নেতৃত্বসহ অগপৰ ৰুদ্ধদ্বাৰ বৈঠক!

লোকসভাৰ প্ৰাকক্ষণত ৭০ সংগঠনৰ নেতৃত্বসহ অগপৰ ৰুদ্ধদ্বাৰ বৈঠক!

ডিজিটেল সংবাদ, গুৱাহাটীঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৰাজ্যত বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি থকা সময়তে দেওবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিসহ ৭০ সংগঠনৰ সৈতে জৰুৰী বৈঠকত মিলিত হয় সদ্যপদত্যাগী দুই মন্ত্ৰীসহ অগপ নেতৃত্ব। মহানগৰীৰ হোটেল নন্দনত অনুষ্ঠিত বৈঠকত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ৰণকৌশল তৈয়াৰ কৰে ৭০ সংগঠনৰ নেতৃত্বৰ লগতে আঞ্চলিক দলটোৱে।

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে প্ৰতিবাদ কৰি মিত্ৰতা ছেদ কৰা অসম গণ পৰিষদ দলে এই বৈঠকখনতেই চৰকাৰৰ জাতিধ্বংসী সিদ্ধান্তৰ বিৰুদ্ধে যোঁজাৰ পণ লয়। কৃষক নেতা অখিল গগৈ, যুৱ ছাত্ৰ পৰিষদৰ নেতা পলাশ ছাংমাই, প্ৰাক্তন মন্ত্ৰী অতুল বৰা, কেশৱ মহন্তৰ লগতে অগপৰ কেবাজনো নেতা তথা ৭০ সংগঠনৰ প্ৰতিনিধিয়ে আলোচনা কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে যুঁজ দি ৰাজ্যৰ জনসাধাৰণক একগোট কৰি যিকোনো মূল্যৰ বিনিময়ত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ বাবে চৰকাৰক বাধ্য কৰিব বুলি মন্তব্য কৰে অগপ নেতৃত্বই।

বৈঠকত ভাগ লৈ অতুল বৰাই কয়- 'নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ কথা গৃহমন্ত্ৰী ৰাজনাথ সিঙে জনোৱাৰ পাছতে বিজেপিৰে মিত্ৰতা ত্যাগৰ লগতে আমি মন্ত্ৰিত্ব এৰি জনসাধাৰণৰ পক্ষত থিয় দিছো। বিধেয়কখনৰ বিৰুদ্ধে পূৰ্বৰে পৰা যুঁজ দি অহা ৭০ সংগঠনৰ নেতৃত্বৰ সৈতে একগোট হৈ আমাৰ আন্দোলন অধিক সবল কৰাৰ বাবেই আমি প্ৰস্তুত হৈছো।'

ইফালে, আগন্তুক লোকসভাৰ বাবে এনেদৰে ৭০ সংগঠনৰ সৈতে ৰাজনৈতিক চিন্তা-ধাৰাৰে অগপ নেতৃত্ব মিলিত হৈছে নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নত এয়া সম্পূৰ্ণ নাগৰিকত্ব সংশোধনী বিধেয়ক সম্পৰ্কীয় আলোচনা বুলিহে আলোচনা কৰে অতুল বৰাই।

অগপ নেতৃত্বই বৈঠকত মিলিত হৈ কৃষক নেতা অখিল গগৈয়ে ৩ অগপ মন্ত্ৰীৰ পদত্যাগক অভিনন্দন জনোৱাৰ লগতে বিধেয়কখনৰ বিৰুদ্ধে পৰস্পৰে আন্দোলন কৰাৰ বাবে প্ৰস্তুতি চলোৱা বুলি মন্তব্য কৰে। কৃষক নেতাগৰাকীয়ে লগতে বিজেপিৰ জাতিধ্বংসী সিদ্ধান্ত তথা জনবিৰোধী নীতিক সমালোচনা কৰি চৰকাৰৰ বিৰুদ্ধে সকলো লোককে আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

আনহাতে, যুৱ ছাত্ৰ পৰিষদৰ নেতা পলাশ ছাংমাই অগপ নেতৃত্বক অভিনন্দন জ্ঞাপন কৰি কয়- 'অগপ সম্পৰ্কে বিভিন্ন ৰাজনৈতিক নেতাই ৰাইজৰ মাজত ভ্ৰান্ত ধাৰণা বিয়পাই আহিছিল। ৭০ সংগঠনৰ সৈতে মিলিত হোৱাৰ পিছতেই অগপ সম্পৰ্কে প্ৰকৃত কথাসমূহ পোহৰলৈ আহিল। এতিয়াৰে পৰা পৰস্পৰ সমৰ্থনত বিজেপিৰ জনবিৰোধী কাৰ্যৰ বিৰুদ্ধে তীব্ৰভাৱে প্ৰতিবাদ সাব্যস্ত কৰিব অগপৰ সৈতে ৭০ সংগঠনে।'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in