অগপ সংখ্যালঘুৰ বাবে কাম কৰা একমাত্ৰ আঞ্চলিক দলঃ অগপ নেতা আব্দুৰ ৰহমান…

অগপ সংখ্যালঘুৰ বাবে কাম কৰা  একমাত্ৰ আঞ্চলিক দলঃ অগপ নেতা আব্দুৰ ৰহমান…


ডিজিটেল সংবাদ, গৰৈমাৰীঃ অসম গণ পৰিষদ হৈছে সংখ্যালঘু লোকৰ হৈ কাম কৰা একমাত্ৰ আঞ্চলিক দল৷ শুকুৰবাৰে বিয়লি ছয়গাঁৱৰ হাতীশলা বজাৰ প্ৰাংগণত অনুষ্ঠিত অগপৰ এখনি যোগদান সভাত অংশগ্ৰহণ কৰি পূৱ ছমৰীয়া মণ্ডল পৰিষদৰ সভাপতি আব্দুৰ ৰহমানে এইদৰে কয়৷ তেওঁ ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদক অযোগ্য নেতা বুলি উল্লেখ কৰি এন আৰ চিৰ সময়ছোৱাত মুছলমানৰ ওপৰত হাৰাশাস্তি হোৱা বুলি কয়৷

২০২১ৰ নিৰ্বাচনত অগপৰ ডাঃ কমলাকান্ত কলিতাৰ সপক্ষে ভোটদান কৰিবলৈ তেওঁ ৰাইজক আহ্বান জনায়৷ অসমত বিভিন্ন সময়ত সমখ্যালঘুক অত্যাচাৰ কৰাৰ মূলতে কংগ্ৰেছ দলটোক দোষাৰোপ কৰি অগপৰ জ্যেষ্ঠ নেতা আব্দুৰ ৰহমানে কংগ্ৰেছৰ দিনত এন আৰ চি আৰু 'ডি' ভোটৰ সমস্যা সমাধান কৰা নহ'ল বুলি কয়৷ অগপৰ গৰৈমাৰী মণ্ডল পৰিষদৰ উদ্যোগত আৰু ছয়গাঁও সমষ্টি কমিটিৰ উপ-সভাপতি ৰহিজউদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি দলৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ডাঃ কমলাকান্ত কলিতাই কয়-আঞ্চলিক দল অগপৰ নীতিয়েই হৈছে ধৰ্মনিৰপেক্ষতা৷

সমঅধিকাৰ দিয়াই হৈছে দলটোৰ নীতি আৰু আদৰ্শ৷ তেওঁ কয়-অগপ চৰকাৰ শাসনত থকা সময়ছোৱাত ৰাজ্যত কোনোধৰণৰ সংঘৰ্ষ হোৱা নাছিল৷ কিন্তু কংগ্ৰেছ চৰকাৰৰ শাসনত ৰাজ্যত সংঘৰ্ষৰ সৃষ্টি হৈ সংখ্যালঘু লোকৰ ওপৰত হাৰাশাস্তি কৰা হৈছিল৷ অগপৰ দিনতে মথাউৰিত আশ্ৰায়িত সৰ্বস্বান্ত লোকক পুনঃসংস্থাপন দিয়া হৈছিল বুলি উল্লেখ কৰি নেতাগৰাকী কয়-একমাত্ৰ কংগ্ৰেছে সাম্প্ৰদায়িকতাৰ বীজ ৰোপন কৰিব বিচাৰিছে৷

ধৰ্মৰ নামত ৰাজনীতি কৰা দলক অগপই সদায় ঘৃণা কৰি অহা বুলি উল্লেখ কৰি ছয়গাঁও সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঃ কমলা কলিতাই কয়-কোনো শক্তিয়ে ২০২১ৰ বিজেপি-অগপৰ চৰকাৰক ৰোধ কৰিব নোৱাৰিব৷ অগপই অসমৰ ৰাইজক বাদ দি ৰাজনীতি কৰিব নোৱাৰাৰ কথা উল্লেখ কৰি ডাঃ কলিতাই কয়-সভাত মহিলাসকলৰ বৃহৎ সমাগমে অনাগত দিনত কংগ্ৰেছৰ বিপৰ্যৰ আগজাননী দিয়া পৰিলক্ষিত হৈছে৷ সভাখনত বিধায়ক ৰেকিবুদ্দিন আহমেদৰ প্ৰতি অসন্তুষ্ট হৈ হাতীশলা, ভলুকাবাড়ী, লাৰুৱাজান, কৰাইবিল আদি অঞ্চলৰ কংগ্ৰেছ কৰ্মী-সমৰ্থকৰ উপৰি বিভিন্ন দল সমৰ্থিত ৫০০ গৰাকী পুৰুষ-মহিলাই আজি আনুষ্ঠানিকভাৱে ডাঃ কমলাকান্ত কলিতাৰ হাতৰ পৰা দলীয় সদস্য পদৰ টিকট গ্ৰহণ কৰি অগপত যোগদান কৰে৷

অগপত যোগদান কৰা প্ৰতিগৰাকী ব্যক্তিক অগপৰ দলীয় পতাকা প্ৰদান কৰি দললৈ আদৰণি জনোৱা হয়৷ আনহাতে অগপ নেতা নূৰ ইছলামে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত গৰৈমাৰী মণ্ডল পৰিষদৰ সভাপতি আক্কাছ আলী আহমেদ, অগপৰ ছয়গাঁও সমষ্টি কমিটিৰ সম্পাদক আমিনুল ইছলাম, জ্যেষ্ঠ অগপ নেতাদ্বয় দোস্ত হাবিবুৰ ৰহমান, স্বাহাৱউদ্দিন চৌধুৰী, হাতীশলা ভলুকাবাড়ী গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰাশ্বিদা আহমেদ, জোৰশিমুলী গাঁও পঞ্চায়তৰ সভানেত্ৰী নূৰ নাহাৰ জিঞা প্ৰমূখ্যে ভালেসংখ্যক দলীয় কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in