নলবাৰীৰ বালিতাৰাত দুই শতাধিক কংগ্ৰেছ-অগপ কৰ্মীৰ গেৰুৱা দলত যোগদান

নলবাৰীৰ বালিতাৰাত দুই শতাধিক কংগ্ৰেছ-অগপ কৰ্মীৰ গেৰুৱা দলত যোগদান

ডিজিটেল সংবাদ, নলবাৰীঃ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ ধামখুমীয়াৰ মাজতে নলবাৰীৰ বালিতাৰাত আজি কংগ্ৰেছ আৰু অগপ দলৰ দুইশতাধিক নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা, জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকা, আল্লিয়া জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী মাধৱী ৰাজবংশী, বালিতাৰা পঞ্চায়তৰ সভাপতিৰ প্ৰাৰ্থী লতিকা বড়ো, দীপু ৰামছিয়াৰী, বিজেপি নেতা মৃদুল কলিতা, চন্দন ডেকা, প্ৰণৱ কুমাৰ ডেকাসহ বহু লোকৰ উপস্থিতিত উল্লিখিত কংগ্ৰেছ আৰু অগপ দলৰ নেতা-কৰ্মীসকলে যোগদান কৰে।

যোগদান কৰা সকলক বিধায়ক অশোক শৰ্মাই গেৰুৱা মাফলা আৰু টুপী পিন্ধাই দললৈ আদৰণি জনায়। অনুষ্ঠানত দিয়া ভাষণ প্ৰসংগত বিধায়ক শৰ্মাই কয় যে কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী আৰু ৰাজ্যৰ সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন দুই চৰকাৰৰ উন্নয়ন আৰু জনকল্যাণমূলক আঁচনি গ্ৰহণ কৰি জনসাধাৰণক সকাহ দিয়াৰ বাবে সম্প্ৰতি ৰাইজ বিজেপিমুখী হৈছে। কাৰণ বিগত ৬৫ বছৰে কংগ্ৰেছ দলে ৰাইজক প্ৰতাৰণাৰ বাদে কোনো উন্নয়ন সাধন কৰিব নোৱাৰিলে সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্য অসমৰ।

তেনেদৰে অগপৰ দহ বছৰীয়া শাসনত অসমৰ ৰাইজে নানা আহুকালত পৰিবলগীয়া হৈছিল। এনে অৱস্হাত বিজেপিৰ শাসনত ৰাইজে অন্ধকাৰৰ বিপৰীতে পোহৰ দেখিবলৈ সক্ষম হৈছে। অনুষ্ঠানত জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকাই ভাষণত কয় যে যদি দুৰ্নীতি মুক্ত আৰু স্বচ্ছ পঞ্চায়ত বিচাৰে আৰু গাওঁৰ ৰাইজৰ উন্নয়ন বিচাৰে তেনহ'লে বিজেপিক ভোট দিয়ক। ইফালে যোগদান কৰা কংগ্ৰেছ আৰু অগপৰ নেতা-কৰ্মীসকলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্তবিশ্ব শৰ্মা আৰু নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি বিজেপি জিন্দাবাদ ধ্বনি দি যোগদান কৰা বুলি ঘোষণা কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in