কৈফয়ৎ বিচাৰি অমিত শ্বাহলৈ অগপৰ পত্ৰ, আমবাৰীৰ পৰা UPDATES

কৈফয়ৎ বিচাৰি অমিত শ্বাহলৈ অগপৰ পত্ৰ, আমবাৰীৰ পৰা UPDATES

চন্দ্ৰমোহন পাটোৱাৰী, হিমন্ত বিশ্ব শৰ্মা আদি বিজেপি নেতাই মিত্ৰতা সন্দৰ্ভত অগপই সিদ্ধান্ত ল'বলৈ আৰু অগপ নেতৃত্বক সমালোচনা কৰাৰ পাছত এইবাৰ অগপৰ নেতৃত্বই এই মিত্ৰতা সন্দৰ্ভত কৈয়ফৎ বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহলৈ। আমবাৰীত অগপৰ কাৰ্যবাহী সভাপতি কেশৱ মহন্তই এক সংবাদমেল সম্বোধন কৰি এই কথা সংবাদ মাধ্যমক জানিবলৈ দিয়ে। নাগৰিকত্ব বিধেয়কৰ সন্দৰ্ভত অগপৰ স্থিতি স্পষ্ট কৰি মহন্তই কয়- 'নাগৰিকত্ব সংশোধনী বিধেয়ক যাতে কোনো কাৰণতেই গৃহীত নহয় এয়া আমাৰ দাবী। তেওঁলোকৰ পৰা আমি ইয়াৰ মতামত বিচাৰিছো। যদি আমি এই সন্দৰ্ভত উচিত উত্তৰ নাপাওঁ, তেন্তে মিত্ৰতা সন্দৰ্ভত আমি চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিম।'

দিনৰ ১২.১৪ বজাতঃ সংবাদমেলত গুপ্তহত্যা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰাত সাংবাদিকক উভতি ধৰে প্ৰফুল্ল মহন্তই। তেওঁৰ ওপৰত থকা অভিযোগ অস্বীকাৰো কৰে আৰু মহন্তই কয়- 'বিজেপিৰ পৰা পত্ৰ খনৰ কোনো সদুত্তৰ নাপালে মিত্ৰতা ভংগৰ কোনো বিকল্প নাথাকিব।'

দিনৰ ১২.১২ বজাতঃ 'মিত্ৰতা সন্দৰ্ভত অমিত শ্বাহলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। আমি কোনো কাৰণতে এই বিল গৃহীত হ'বলৈ নিদিও'-সংবাদমেলত অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ ঘোষণা।

দিনৰ ১২.০৯ বজাতঃ সংবাদমেলত প্ৰফুল্ল মহন্তৰ মন্তব্য- 'অসম আৰু অসমীয়া বিৰোধী কাৰ্যকলাপত যদি বিজেপিয়ে সমৰ্থন জনায় তেন্তে বিজেপিৰ সৈতে মিত্ৰতা সম্ভৱ নহয়।'

দিনৰ ১২০৬ বজাতঃ সংবাদমেলত উপস্থিত অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। 'অগপ-বিজেপিৰ মিত্ৰতাত ফাট মেলা সন্দৰ্ভত আমি পদক্ষেপ গ্ৰহণ কৰিবলৈ গৈ আছো, অলপ পাছতেই জনাম'- কেশৱ মহন্ত।

দিনৰ ১২.০৪ বজাতঃ বিধায়ক সত্যব্ৰত কলিতাই লগতে কয়- 'যিসকলে শ্বহীদৰ প্ৰতি সন্মান জনাই, সেই সকলে নাগৰিকত্ব সংশোধনী বিধেয়কক সপক্ষত থাকিব নালাগে।'

দিনৰ ১২.০১ বজাতঃ 'শ্বহীদসকলৰ প্ৰতি সন্মান জনাই কাম কৰক বিজেপিয়ে। বিজেপি আৰু আমাৰ মাজত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ মিত্ৰতাত ফাট মেলিছে। নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হ'লে অসম চুক্তি নাকচ হ'ব। অসম চুক্তি আমাৰ বাবে গীতা, বাইবেল স্বৰূপ। অসম চুক্তি নাকচ হোৱাৰ কোনো কাম আমি নকৰোঁ।' সংবাদমেলত মন্তব্য বিধায়ক সত্যব্ৰত কলিতাৰ।

পুৱা ১১.৫৮ বজাতঃ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাছতেই সংবাদমেলৰ আয়োজন। সংবাদমেল সম্বোধন কৰে অগপৰ কাৰ্যবাহী সভাপতি কেশৱ মহন্তই।

পুৱা ১১.৪৮ বজাতঃ সোমবাৰে আমবাৰীৰ অগপৰ কাৰ্য্যালয়ত শ্বহীদ দিৱসৰ কাৰ্যসূচী। জাতীয় শ্বহীদসকললৈ জ্ঞাপন কৰা হয় শ্ৰদ্ধাঞ্জলি।অনুষ্ঠানত উপস্থিত বিধায়ক পবিন্দ্ৰ ডেকা, সত্যব্ৰত কলিতা, অগপৰ সাধাৰণ সম্পাদক কমলা কলিতাকে ধৰি অগপৰ বহু নেতা-কৰ্মী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in