বিজেপিৰে পুনৰ মিত্ৰতা অগপৰঃ দিল্লীত বাহৰ পাতি নেৰানেপেৰা চেষ্টা অতুল-কেশৱৰ

প্ৰতিকী ফটো
প্ৰতিকী ফটো

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে পুনৰ বিজেপিৰ সৈতে মিত্ৰতা স্থাপনৰ দিশত আগবাঢ়িছে আঞ্চলিক দল অগপ৷ দলটোৰ নেতৃত্বই দিল্লীত বাহৰ পাতি ইয়াৰ কুচকাৱাজ চলাইছে যদিও এতিয়ালৈকে বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সাক্ষাৎ পোৱা নাই। অগপৰ কাৰ্যবাহী সভাপতি কেশৱ মহন্তই ৪ দিনৰ পূৰ্বে এই সন্দৰ্ভত আলোচনাৰ বাবে দিল্লীলৈ যাত্ৰা কৰিছিল। সোমবাৰে কেশৱ মহন্তক দিল্লীত সংগ দিছিল অগপৰ সভাপতি অতুল বৰাই। অসমৰ দায়িত্বত থকা ৰাম মাধৱক সাক্ষাৎ কৰি এই সন্দৰ্ভত আলোচনা অব্যাহত ৰাখিছে যদিও পূৰ্বৰ দৰে অগপ নেতৃত্বক গুৰুত্ব দিয়া নাই বিজেপি নেতৃত্বই। বিধানসভা নিৰ্বাচনৰ পূৰ্বে অগপৰ সৈতে মিত্ৰতা সন্দৰ্ভত প্ৰত্যক্ষ আলোচনাত মিলিত হৈছিল অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোডী। কিন্তু এইবাৰ সেই গুৰুত্ব লাভ কৰা নাই অগপই। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে বিজেপিৰে পৰিস্থিতিত পৰি সম্পৰ্ক ছেদ কৰিলেও লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত সেই সম্পৰ্ক পুনৰ গঢ়ি তুলিবলৈ অগপৰ পক্ষৰ পৰাই এতিয়া বিজেপিলৈ প্ৰস্তাৱ আগবঢ়াইছে। অগপই লোকসভা নিৰ্বাচনত বৰপেটা, ধুবুৰী আৰু কলিয়াবৰ- ৩খন আসনৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ গৃহ সমষ্টি নগাঁও দাবী কৰিছে অগপই। বিজেপিয়ে নগাঁও সমষ্টিত বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহাইৰ বিপৰীতে উপযু্ক্ত প্ৰাৰ্থীৰ সন্ধান লাভ নকৰাত বৰ্তমানৰ বিধায়ক ৰূপক শৰ্মাক প্ৰাৰ্থীত্ব প্ৰদানৰ বাবে চিন্তা চৰ্চা কৰিছে। কিন্তু বিধায়কগৰাকীয়ে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগ্ৰহ নকৰাত সেই সমষ্টিটো অগপক এৰি দিবলৈ সাজু যদিও ধুবুৰী আৰু কলিয়াবৰ সংসদীয় সমষ্টিত নিজাকৈ প্ৰাৰ্থী দিয়াৰহে পক্ষপাতী। অৱশ্যে বৰপেটা সমষ্টিতো অগপক এৰি দিয়াত আপত্তি দৰ্শোৱা নাই বিজেপিয়ে। পূৰ্বতে সেই সমষ্টিৰ পৰা অগপৰ হৈ ফণীভূষণ চৌধুৰী, আৰু বিজেপিৰ হৈ চন্দ্ৰমোহন পাটোৱাৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল।

দিল্লীত মিত্ৰতা সন্দৰ্ভত বিজেপিৰ শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰিব নোৱাৰাৰ পিছত মঙলবাৰে গুৱাহাটীলৈ ঘূৰি আহি অগপৰ শীৰ্ষ নেতৃত্ব পুনৰ গোপন বৈঠকত মিলিত হয়। অগপৰ সভাপতি অতুল বৰাৰ আৱাসগৃহত এই বৈঠক অনুষ্ঠিত হয় বুলি জানিব পৰা গৈছে। আনহাতে অগপৰ শীৰ্ষ নেতৃত্বই বিজেপিৰ সৈতে মিত্ৰতা সন্দৰ্ভত দলটোৰে তৃমমূল কৰ্মীৰ মাজত ভীষণ অসন্তুষ্টি দেখা দিছে। শীৰ্ষ নেতৃত্বই বিজেপিৰে মিত্ৰতাৰ বাবে উঠিপৰি লাগি কেইবাখনো জিলা সমিতিৰ পৰা সন্মতিসূচক পত্ৰও লিখাই লোৱা বুলি জানিব পৰা গৈছে। কিয়নো বিধানসভা নিৰ্বাচনৰ পূৰ্বেও বিজেপিৰে মিত্ৰতাৰ ক্ষেত্ৰত অগপৰ শীৰ্ষ নেতৃত্বৰে সংঘাত হৈছিল দলটোৰ তৃণমূল নেতা-কৰ্মীৰ। সেই পৰিস্থিতিৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে আগতীয়াকৈ এই সন্মতিসূচক পত্ৰ লিখাই লৈছে অগপ নেতৃত্বই।

ইফালে, বিজেপিৰ সৈতে মিত্ৰতা কৰিলে এই আঞ্চলিক দলটোৰ ভৱিষ্যৎ কি হ'ব তাক লৈও সংশয়ত ভূগিছে অগপৰ একাংশ নেতা। সেইসকল নেতাই কোনো কাৰণতে বিজেপিৰ সৈতে মিত্ৰতা বিচৰা নাই। তেনে পৰিস্থিতিত কেৱল নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ বাবে জাতিৰ স্বাৰ্থত পুনৰ আওকাণ কৰি বিজেপিৰ কাষ চাপিবলৈ আগবাঢ়ি গৈছে অগপৰ নেতৃত্ব। সকলো মিলিলে অচিৰেই আকৌ দেখা পোৱা যাব অগপ-বিজেপিক একেলগে। এতিয়া সকলোখিনি নিৰ্ভৰ কৰিছে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ ওপৰত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in