জটিল ৰোগত আক্ৰান্ত মেধাবী ছাত্ৰী, পৰিয়ালে বিচাৰিছে সহায়

জটিল ৰোগত আক্ৰান্ত মেধাবী ছাত্ৰী, পৰিয়ালে বিচাৰিছে সহায়

ডিজিটেল সংবাদ, গোৱালপাৰাঃ গোৱালপাৰা জিলাৰ আগিয়া মহাবিদ্যালয়ৰ পঞ্চম ষান্মাসিকৰ ননিকা ৰাভা নামৰ এগৰাকী দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী জটিল ৰোগত আক্ৰান্ত হোৱাত পৰিয়ালটোৱে চিকিৎসাৰ বাবে ৰাইজৰ সহায় বিচাৰিছে। ছাত্ৰীগৰাকীয়ে বহুদিন ধৰি নাৰ্ভৰ টিউমাৰ ৰোগত আক্ৰান্ত হৈ আছে।

সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা ছাত্ৰীগৰাকীৰ ঘৰ জিলাখনৰ আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত বলবলা অসম-মেঘালয় সীমান্তৰ বদাহপুৰ গাঁৱত৷ উল্লেখ্য যে, জটিল ৰোগত আক্ৰান্ত ছাত্ৰী ননিকা ৰাভাৰ চিকিৎসাৰ বাবে ইতিমধ্যে আগিয়া মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সদস্যসকলে যথাসম্ভৱ সহায় আগবঢ়াইছে যদিও, অস্ত্ৰোপচাৰৰ বাবে বৰ্তমানেও বহু ধনৰ প্ৰয়োজন এই পৰিয়ালটোক।

দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা পৰিয়ালটোৱে উন্নত চিকিৎসা আৰু অস্ত্ৰোপচাৰৰ বাবে প্ৰয়োজনীয় খৰচ বহন কৰিব নোৱাৰা বাবে সদাশয় ৰাইজৰ ওচৰত সহায়ৰ বিচাৰিছে। আৰ্থিকভাৱে অতি দুৰ্বল পৰিয়ালটোৱে ইতিমধ্যে বহু কষ্টৰ মাজেৰে লক্ষাধিক টকা খৰচ কৰিছে চিকিৎসাৰ নামত। কিন্তু কোনো সুফল লাভ কৰা নাই।

চিকিৎসকে অতি শীঘ্ৰে ননিকাৰ অস্ত্ৰোপচাৰ কৰাৰ পৰামৰ্শ দিছে। অস্ত্ৰোপচাৰৰ বাবে বৰ্তমান পৰিয়ালটোক লাগে প্ৰায় ৩ লক্ষাধিক টকা৷ ইফালে, ননিকাৰ স্বাস্থ্যৰ দৈনিক অৱনতি ঘটিছে। সেয়েহে সদাশয় ৰাইজ তথা অসমৰ বিভিন্ন দল-সংগঠনলৈ পৰিয়ালটোৱে সহায়ৰ বাবে বিনম্ৰ অনুৰোধ জনাইছে।

আনহাতে, দৰিদ্ৰ পৰিয়ালটোৱে ননিকাৰ অস্ত্ৰোপচাৰৰ বাবে স্বাস্থ্য মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈও কাতৰ আহ্বান জনায়। যদি কোনো সদাশয় ব্যক্তিয়ে সহায় কৰিব বিচাৰে তেন্তে ননিকাৰ বেংক একাউণ্টৰ সবিশেষ তলত উল্লেখ কৰা হৈছে। ননিকাৰ একাউণ্ট নম্বৰঃ 33984739208, IFSC CODE- SBIN0000082, এছ বি আই, গোৱালপাৰা শাখা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in