‘পাকিস্তান মূৰ্দাবাদ’ শ্ল’গান দিয়ক আৰু ৰেহাই মূল্যত খাওক মাংসৰ পকোৰা…

‘পাকিস্তান মূৰ্দাবাদ’ শ্ল’গান দিয়ক আৰু ৰেহাই মূল্যত খাওক মাংসৰ পকোৰা…

ডিজিটেল ডেস্কঃ পুলৱামা ঘটনাৰ পাছতে সমগ্ৰ দেশত এতিয়া ক্ষোভৰ জুই। ভাৰতীয় জোৱানৰ কেঁচা তেজেৰে ফাকু খেলা সন্ত্ৰাসবাদী সংগঠনক প্ৰশ্ৰয় দিয়া পাকিস্তানৰ বিৰুদ্ধে ক্ষোভ ভাৰতবাসীৰ। দল-সংগঠনে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা লগতে দেশৰ ভিন্ন প্ৰান্তত বহুলোকে ব্যক্তিগত ভাৱেও অব্যাহত ৰাখিছে প্ৰতিবাদ।

পাকিস্তানৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদত নামিছে চত্তীশগড়ৰ এজন ক্ষুদ্ৰ ব্যৱসায়ী। ৰাজ্যখনৰ জগদলপুৰত পথৰ কাষত পকোৰা বিক্ৰী কৰে ব্যৱসায়ী গৰাকীয়ে। লোকজনৰ নাম অঞ্জল সিঙ।

ব্যৱসায়ীগৰাকীয়ে ঘোষণা কৰিছে যে- কোনো লোকে যদি পাকিস্তান মূৰ্দাবাদ শ্ল'গান দিয়ে তেতিয়া সেইলোকজনক ১০ টকাৰ ৰেহাই মূল্যত প্ৰদান কৰা হ'ব চিকেন পকোৰা।

পাকিস্তানৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে এই ব্যক্তিক্ৰমী প্ৰতিবাদেৰে সমগ্ৰ দেশতে চৰ্চা লাভ কৰিছে অঞ্জল সিঙে। সংবাদমাধ্যমৰ সন্মুখত তেও কয়- ' পাকিস্তানে কেতিয়াও মানৱতাক প্ৰাধান্য দিয়া নাই আৰু আগলৈও নিদিয়ে। গতিকে আমি সকলোৱে অন্তৰৰ পৰা পাকিস্তান মূৰ্দাবাদ বুলি ক'ব লাগে।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in