গুৱাহাটীৰ পৰা ছয়গাঁৱলৈ কেবৰ বিৰুদ্ধে ৰাজপথত শিল্পী, সাংবাদিক, সাহিত্যিকৰ অবিৰত আন্দোলন, চচলত প্ৰাক্তন আলফা ঐক্য মঞ্চৰ অনশন…

গুৱাহাটীৰ পৰা ছয়গাঁৱলৈ কেবৰ বিৰুদ্ধে ৰাজপথত শিল্পী, সাংবাদিক, সাহিত্যিকৰ অবিৰত আন্দোলন, চচলত প্ৰাক্তন আলফা ঐক্য মঞ্চৰ অনশন…

ডিজিটেল ডেস্কঃ কেবৰ বিৰুদ্ধে ৰাজ্যত অধিক তীব্ৰতৰ হৈছে প্ৰতিবাদ। বিৰ্তকিত বিধেয়কখনৰ বিৰুদ্ধে ৰাজপথলৈ স্বৰ্তস্ফুতভাৱে ওলাই আহিছে সৰ্বসাধাৰণ ৰাইজ। শিল্পী, সাহিত্যিক, সাংবাদিক, দল-সংগঠন সকলোৱে একলগ হৈ বিধেয়কৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যত ভিন্নধৰণে সাব্যস্ত কৰিছে প্ৰতিবাদ। দেওবাৰৰ দিনটোতো সমগ্ৰ ৰাজ্যত কেববিৰোধী প্ৰতিবাদে উত্তাল কৰিলে আকাশ-বতাহ।

কেবৰ বিৰুদ্ধে সজাগতাৰ বাবে লক্ষীধৰ বৰা ক্ষেত্ৰৰ পৰা ছয়গাঁৱলৈ নাগৰিক সমাজৰ উদ্যোগত শিল্পী, সাহিত্যিক, সাংবাদিকৰ দল…

কেব'ৰ বিৰুদ্ধে প্ৰচাৰ চলাবলৈ গ্ৰামাঞ্চললৈ গুৱাহাটীৰ নাগৰিক সমাজ। অসম নাগৰিক সমাজৰ উদ্যোগত প্ৰথম কাৰ্যসূচী হিচাপে দেওবাৰে গুৱাহাটীৰ লাক্ষীধৰ বৰা ক্ষেত্ৰৰ পৰা আৰম্ভ হৈছে এই যাত্ৰা। এই যাত্ৰাত মহানগৰীৰ বহু সংখ্যক শিল্পী , সাহিত্যিক, সাংবাদিক আৰু বুদ্ধিজিৱী য়ে অংশগ্ৰহণ কৰিছে ।

মুকলি ট্ৰাকত উঠি কেবৰ বিপদৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্য আৰম্ভ কৰা এই সাংগীতিক যাত্ৰা গুৱাহাটীৰ লাক্ষীধৰ বৰা ক্ষেত্ৰৰ পৰা পূৱা ১০.৩০ বজাত আৰম্ভ হৈ ক্ৰমে ১১ বজাত মালিগাঁৱ, দুপৰীয়া ১২ বজাত গুৱাহাটী বিশ্ববিদ্যালয়, দুপৰীয়া ১ বজাত মিৰ্জা , আবেলি ১.৩০ বজাত কুকুৰমাৰা আবেলি ২ বজাত ৰামপুৰ হৈ আবেলি ২,৩০ বজাত ছয়গাঁৱত সামৰণি পৰিব।

এই যাত্ৰাত অংশ লৈছে অৰুপ বৰবৰা, অজিত কুমাৰ ভূঞা, প্ৰশান্ত ৰাজগুৰু, পৰেশ মালাকাৰ, অখিল ৰঞ্জন দত্তৰ লগতে অসম নাগৰিক সমাজৰ বিষয়ববীয়া আৰু বহুকেইজন সাধাৰণ নাগৰিকে।

লেখক-শিল্পী সমাজ, অসমৰ উদ্যোগত গুৱাহাটী ক্লাৱৰ পৰা প্ৰতিবাদী সমদল, উপস্থিত হীৰেন গোহাঁই…

বিজেপি-অগপ নিপাত যাওক, সৰ্বানন্দ সোণোৱাল হায় হায় শ্ল'গানেৰে দেওবাৰে পুৱাই মুখৰিত হ'ল গুৱাহাটী ক্লাৱ। কেবৰ বিৰোধিতাৰে লেখক-শিল্পী সমাজ, অসমৰ উদ্যোগত পুৱা ১১ বজাৰ পৰা আৰম্ভ হয় এই প্ৰতিবাদী সভা। এই সভাত উপস্থিত থাকে লেখক-শিল্পী সমাজ, অসমৰ সমূহ বিষয়-ববীয়াৰ লগতে ৰাজ্যৰ কেইবাজনো বুদ্ধিজীৱি আৰু জ্যেষ্ঠ সাংবাদিক।

প্ৰতিবাদী সভাত ভাগ লৈ বুদ্ধিজীৱি হীৰেন গোহাঁইয়ে বিধেয়ক বাতিল নোহোৱা পৰ্যন্ত আন্দোলন অব্যাহত থাকিব বুলি হুংকাৰ প্ৰদান কৰে।

এই সমদলৰ পূৰ্বে অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাত উপস্থিত থাকে উদয়াদিত্য ভৰালী, অনুৰাধা শৰ্মা পূজাৰী, পৰমানন্দ মজুমদাৰ, প্ৰভাত বৰা, প্ৰকাশ মহন্ত, নবীন বৰুৱা, সমীৰ তাঁতী, জীৱন নৰহ, অৰবিন্দ ৰাজখোৱা, ৰত্না ভৰালী, অতুন ভট্টাচাৰ্য, বীৰেন সিংহ, শিৱানন্দ কাকতি, শান্তুনু বৰঠাকুৰ, ৰাণী গোহাঁই, হাফিজ আহমেদ, অৰিন্দম কটকী, সোণেশ্বৰ নৰহৰ লগতে কেইবাজনো বিশিষ্ট লোক।

জাতীয় সংগীত 'অ মোৰ আপোনাৰ দেশ'ৰে প্ৰতিবাদী সভা ভংগ কৰা পাছতে গুৱাহাটী ক্লাৱৰ পৰা বাহিৰ কৰা হয় প্ৰতিবাদী সমদল। চৰকাৰ বিৰোধী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলা এই সমদল পাণ বজাৰত অন্ত পৰে ।

কেবৰ বিৰুদ্ধে চচলত প্ৰাক্তন আলফা ঐক্য মঞ্চৰ প্ৰতিবাদী অনশনঃ

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে দেওবাৰৰ দিনটোত প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰাক্তন আলফা ঐক্য মঞ্চয়ো। গুৱাহাটীৰ চচলত বিধেয়কখনৰ বিৰোধিতাৰে পুৱা ৮ বজাৰ আৰম্ভ কৰিছে প্ৰতিবাদী অনশন কাৰ্যসূচী।

অনুপ চেতিয়াকে আদি কৰি প্ৰাক্তন আলফা ঐক্য মঞ্চৰ বহুকেইজন নেতাই অংশ লৈছে প্ৰতিবাদী কাৰ্যসূচীত। অসমীয়া জাতীয় জীৱনৰ এই জটিল সন্ধিক্ষণত সকলোৱে একগোট হৈ বিধেয়কখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে আহ্বান জনায় প্ৰাক্তন আলফা ঐক্য মঞ্চৰ প্ৰতিবাদকাৰী সকলে। আবেলি ৪ বজাত অন্ত পৰিব এই প্ৰতিবাদী অনশন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in