পুনৰ বিদেশত উজলিল অসম সন্তান হৃদয় হাজৰিকা

ফাইল ফটো
ফাইল ফটো

ডিজিটেল জেস্কঃ হৃদয় হাজৰিকাই শনিবাৰে চেক গণৰাজ্যত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত চিনিয়ৰ শাখাৰ ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। পিলজেনত অনুষ্ঠিত হোৱা ৫০ তম গ্ৰেণ্ড প্ৰিক্সত চুড়ান্ত খেলত ২২৮.২ পইন্টেৰে ব্ৰঞ্জৰ পদক লাভ কৰে তেওঁ।

প্ৰাৰম্ভিক খেলত ৬২৭.২ পইন্টেৰে ফাইনেলত প্ৰৱেশ কৰিছিল হৃদয়। নৱেম্বৰ মাহৰ পিছত হৃদয়ৰ এই খন প্ৰথম খন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা। অহা সপ্তাহত জাৰ্মানীত আন এখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব খেলুৱৈ গৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in