মহঙা ভোগালীৰ বতৰত সুখবৰ! বৃহৎ আমদানি, ২৫-৩০ টকাতে পাব প্ৰতি কিলো পিঁয়াজ…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ ভোগালী বিহুৰ সময়তে কেন্দ্ৰীয় মন্ত্ৰী ৰাম বিলাস পাছৱানে দিলে এক ভাল খবৰ। ২২ টকা প্ৰতি কেজি দৰত গ্ৰাহকে লাভ কৰিব পিঁয়াজ। মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সদৰী কৰা মতে, ইজিপ্ত, তুৰ্কীৰ পৰা পিঁয়াজ আমদানি কৰাৰ পাছৰে পৰা কেন্দ্ৰীয় চৰকাৰে দেশবাসীক ২২ টকা প্ৰতি কেজি দৰত পিঁয়াজ উপলব্ধ কৰাব। উল্লেখ্য যে, যদিও ২২ টকাত পিঁয়াজ পাব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সদৰী কৰিছে, কিন্তু অসমত এই পিঁয়াজৰ দাম ২৫ৰ পৰা ৩০ টকা প্ৰতি কেজি হ'ব বুলি অনুমান কৰা হৈছে।

তেওঁ লগতে জনাই যে, প্ৰায় ১৮হাজাৰটন পিয়াজ বৰ্তমানলৈ আমদানি কৰা হৈছে ভাৰতত। আৰু ইয়াৰে কেৱল ২ হাজাৰ টন পিঁয়াজহেবিক্ৰী কৰা হৈছে। উল্লেখ্য যে, অসমত এই উৰুকাৰ বতৰত প্ৰতিকেজি পিঁয়াজ প্ৰায় ৫৫-৬০টকাত ক্ৰয় কৰিব লগা হৈছে গ্ৰাহকে। কিন্তু ২২ টকা প্ৰতিকেজি ওজনত পিঁয়াজ লাভ কৰিলেগ্ৰাহকেও বহুখিনি সকাহ পাব।

'প্ৰায় ১ লাখ টন পিঁয়াজ আমদানিকৰাৰ কথা ভবা হৈছিল যদিও, পিঁয়াজৰ উৎপাদনৰ সময় পাৰ হৈ যোৱা আৰু আন্তঃৰাষ্ট্ৰীয়বজাৰত ইয়াৰ মূল্যবৃদ্ধি হোৱাৰ ফলতেই আমদানি কৰিব লগা পিঁয়াজৰ পৰিমান হ্ৰাস কৰাৰসিদ্ধান্ত লয় চৰকাৰে।'-সংবাদমাধ্যমৰ আগত এই কথা জনালে কেন্দ্ৰীয় মন্ত্ৰী পাছৱানে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in