লকডাউনৰ প্ৰভাৱঃ গৃহবন্দী মানুহ, ৰাজপথত মুক্ত বিচৰণ পশুধনৰ…

লকডাউনৰ প্ৰভাৱঃ গৃহবন্দী মানুহ, ৰাজপথত মুক্ত বিচৰণ পশুধনৰ…

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বতেই এতিয়া দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। ভাৰততো এই ভাইৰাছত ৯৩৩জন লোক আক্ৰান্ত হৈছে। কোৰোনা ভাইৰাছৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্রধানমন্ত্ৰী মোডীয়ে ২৪ মাৰ্চৰ নিশা ১২ বজাৰ পৰা ২১দিনীয়া লকডাউন ঘোষণা কৰিছিল।

এই লকডাউনৰ সময়চোৱাত অত্যাৱশ্যকীয় সেৱাসমূহৰে জড়িত লোকসকলৰ বাদে আন সকলো লোকক ঘৰৰ বাহিৰত ওলাই নাহিবলৈ আহ্বান জনাই চৰকাৰে। ফলত ৰাজপথসমূহ জনশূন্য হৈ পৰিছে। ইফালে, গুৱাহাটী মহানগৰীৰ ৰাজপথত শনিবাৰে দেখা গ'ল গৰু জাকৰ বিচৰণ।

জনজীৱন সাধাৰণভাৱে চলি থকা সময়ত ৰাজপথত গাড়ী-মটৰৰ ভিতৰৰ বাবে ৰাজপথৰ ওপৰত গৰু বা আন জন্তু ওলাই আহে যদিও মাজে সময়ে দুৰ্ঘটনাৰ ফলত বহু পশুধনৰ মৃত্যু হোৱা খবৰ আমি পাওঁ। কিন্তু লকডাউনৰ ফলত ৰাজপথ শূন্য হৈ পৰাৰ ফলত যেন মুক্তমনে বিচৰণ কৰিবলৈ সুবিধা পাইছে পোহনীয়া গৰুৰ জাকে।

অৱশ্যে লকডাউনৰ ফলত সমগ্ৰ মানৱ জাতি গৃহবন্দী হৈ পৰিছে যদিও, বিশ্বৰ ফেক্টৰীসমূহ বন্ধ হৈ পৰাৰ ফলত অজ'ন লেয়াৰতো পৰিছে ইয়াৰ প্ৰভাৱ। অজ'ন লেয়াৰত থকা ছিদ্ৰ প্ৰদূষণ হ্ৰাস পোৱাৰ বাবে লাহে লাহে মেৰামতি হ'বলৈ ধৰিছে। যেন এই লকডাউনৰ ফলত মানুহৰ অসুবিধা হ'লে, জীৱ-জন্তু আৰু প্ৰকৃতিৰ এক প্ৰকাৰে সুবিধাহে হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in