মহাৰাষ্ট্ৰ আৰু গুজৰাটত ঘূৰ্ণীবতাহ-ধুমুহাই চলাব পাৰে তাণ্ডৱ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ পুনৰ দেশৰ একাংশ ৰাজ্যত ঘূৰ্ণীবতাহে চলাব পাৰে তাণ্ডৱ। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই দেওবাৰে কয় যে, আৰৱ সাগৰত ধুমুহা আৰু ঘূৰ্ণীবতাহৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। যদি ঘূৰ্ণীবতাহ আৰু ধুমুহাৰ সৃষ্টি হয়, তেন্তে ৩জুনলৈ মহাৰাষ্ট্ৰ তথা গুজৰাটলৈ আগবাঢ়িব পাৰে এই ধুমুহা।

ইফালে, টুইটাৰত বতৰ বিজ্ঞান কেন্দ্ৰই লিখিছে যে, দক্ষিণ-পূব আৰু পূব-মধ্য আৰৱ সাগৰ তথা লক্ষ্যদ্বীপৰ ওপৰত এক নিম্ন বায়ুচাপ ক্ষেত্ৰ সৃষ্টি হৈছে…।' লগতে কেন্দ্ৰটোৱে সম্ভাৱনা ব্যক্ত কৰে যে, ইয়াৰ দ্বাৰা ঘূৰ্ণীবতাহৰ সৃষ্টি হ'ব পাৰে। আৰু এই ঘূৰ্ণীবতাহে উত্তৰ দিশে আগবাঢ়িলে ৩ জুনলৈ মহাৰাষ্ট্ৰ তথা গুজৰাটত প্ৰভাৱ পেলাব পাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in