শেহতীয়া খবৰ
দ্বিতীয় টি-২০ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা...  •  পাকিস্তান জড়িত থকা কোনো অনুষ্ঠানত ভাগ নলবঃ আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ জাননী...  •  বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভাইৰেল ৰিচাৰ্ছ এণ্ড ডায়'গ্নষ্টিক লেব'ৰেটৰী মুকলি...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ

১৬ বছৰৰ অন্তত ছবিজগতত খলকনি তুলিবলৈ আহি আছে ‘তেৰে নাম’…

2,296

ডিজিটেল ডেস্কঃ ২০০৩ চনত মুক্তি পাইছিল ছবিখন, যিখন ছবিয়ে বলিউদৰ ভাইজান চলমান খানক দিছিল অভিনয় জগতত অন্য পৰিচয়। হৃদয়স্পৰ্শী কাহিনী, সুমধুৰ সংগীত আৰু দমদাৰ অভিনয়ৰ বাবে ছবিখনে সকলোৰে অন্তৰত স্থান দখল কৰিবলৈ সক্ষম হৈছিল।  ছবিখনত চলমানৰ হেয়াৰ ষ্টাইলো সেই সময়ত খুব জনপ্ৰিয় হৈছিল। ছবিখনৰ প্ৰায় গোটেইকেইটা গীত এতিয়াও চলচ্চিত্ৰপ্ৰেমী সকলৰ মুখে মুখে।

Salman Khan actually became iconic as Radhe Mohan

শেহতীয়াকৈ খবৰ আহিছে যে, চলমান খান অভিনীত এই জনপ্ৰিয় ছবিখনৰ ৰিমেক নিৰ্মাণ কৰা হ’ব। ১৬ বছৰৰ বিৰতিৰ মুৰত ছবিখনৰ পৰিচালক সতীশ কৌশিকে ৰাজহুৱা কৰিছে এই কথা।

Image result for tere naam

প্ৰাপ্ত খবৰ অনুসৰি, ছবিখনৰ সমূহ চৰিত্ৰৰ নাম একে থাকিব। এই বৰ্ষৰ শেষৰ ফালে আৰম্ভ হ’ব শ্বুটিঙৰ কাম। ছবিখনৰ সন্দৰ্ভত পৰিচালক গৰাকীয়ে সংবাদমাধ্যমক কয়, ‘অচিৰেই ছবিৰ কাম আৰম্ভ হ’ব। ইতিমধ্যে প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ হৈছে। সবিশেষ অৱগত কৰা হ’ব।’  উল্লেখ্য যে, বৰ্তমান পৰিচালক সতীশ কৌশিক আৰু চলমান খানে একেলগে কাম কৰি আছে ‘ভাৰত’ ছবিখনত।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি