এ এফ আইৰ আহ্বানঃ চেলিব্ৰিটী হিমা ‘খেলুৱৈ’ হৈ উভতি আহক পাটিয়ালালৈ…

এ এফ আইৰ আহ্বানঃ চেলিব্ৰিটী হিমা ‘খেলুৱৈ’ হৈ উভতি আহক পাটিয়ালালৈ…

ডিজিটেল ডেস্কঃ হিমা দাসক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে এথলেটিক ফেডাৰেশ্যন অৱ ইণ্ডিয়াই। আজি তাৰিখলৈকে হিমা গৈ উপস্থিত হোৱা নাই পাটিয়ালাত। পাটিয়ালাত থকা এন আই এছৰ অনুশীলনত যোগ নিদিয়াৰ বাবে এথলেটিক ফেডাৰেশ্যন অৱ ইণ্ডিয়াই অসন্তুষ্টি ব্যক্ত কৰাৰ খবৰে ৰাজ্যৰ লগতে দেশৰ ক্ৰীড়াপ্ৰেমীক হতাশ কৰিছে। এনে পৰিস্থিতিত হিমাৰ ট'কিঅ' অলিম্পিক যাত্ৰাক লৈ যথেষ্ট চিন্তিত হৈ পৰিছে এথলেটিক ফেডাৰেশ্যন। কিয়নো ইতিমধ্যে বাকী আন খেলুৱৈসকলে ট'কিঅ' অলিম্পিকৰ বাবে কঠোৰ অনুশীলনত ব্যস্ত হৈ পৰিছে।

তাৰ বিপৰীতে হিমা দাসে সম্বৰ্ধনা, ক'ৰ্পৰেশ্যনৰ বিজ্ঞাপন আৰু সভা-সমিতিত অংশ লৈ অধিক সময় ব্যয় কৰিছে। এছিয়ান গেমছৰ পাছৰ পৰা হিমাই যথেষ্ট সময় অপব্যয় কৰিছে বুলিও ক্ষোভ ব্যক্ত কৰিছে এথলেটিক ফেডাৰেশ্যন অৱ ইণ্ডিয়াই। এনে খবৰো আহিছে যে, এ এফ আইৰ সভাপতি গৰাকীয়ে খোদ অসম চৰকাৰৰ উচ্চপদস্থ বিষয়াৰ সৈতে যোগাযোগ কৰি এই অসন্তুষ্টি ব্যক্ত কৰাৰ লগতে হিমাই খেলৰ সলনি আন কামত সময় অপব্যয় কৰাতো দৃষ্টিগোচৰ হৈছে এ এফ আইৰ।

উল্লেখযোগ্য যে, হিমাই এই সময় অপব্যয়ৰ সন্দৰ্ভত 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল সংস্কৰণত কিছুদিনৰ পূৰ্বে এক বিশেষ লেখা প্ৰকাশ কৰা হৈছিল।

তাৰপাছত অহা এ এফ আইৰ মুৰব্বীগৰাকীৰ এই প্ৰতিক্ৰিয়াক লৈ ৰাজ্যবাসীও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এ এফ আইৰ সভাপতি এদিলে চুমাৰীৱালাই কৰা এই প্ৰতিক্ৰিয়াৰ পাছত হিমাই কেতিয়া খেলত মনোনিবেশ কৰে তাক লৈ সকলোৰে দৃষ্টি নিবদ্ধ হৈছে।হিমাৰ পৰিয়ালৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ১০ অক্টোবৰত হিমাই পাটিয়ালালৈ ঘূৰি যোৱা কথা আছিল। কিন্তু ব্যক্তিগত সমস্যাৰ দোহাই দি হিমাই পাটিয়ালালৈ যোৱা নাই।

শনিবাৰলৈ গুৱাহাটীতে থকা হিমাৰ সন্দৰ্ভত 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কে কথা পাতিছিল আছাম স্পৰ্টছ য়ুথ ৱেলফেয়াৰ কাউন্সিলৰ সদস্য সচিব লক্ষ্য কোঁৱৰৰ সৈতে। তেখেতেও এই সন্দৰ্ভত এ এফ আইৰ মুৰব্বীগৰাকীয়ে অসন্তুষ্টি ব্যক্ত কৰাৰ কথা সদৰী কৰিছে। কোঁৱৰে জানিবলৈ দিয়া মতে, দুই পক্ষৰ মাজত কোনো যোগাযোগ নথকাৰ বাবে এই পৰিস্থিতিৰ সৃষ্টি হয়। যোগাযোগৰ অন্তত ১৭ অক্টোবৰত হিমা দাস পাটিয়ালালৈ প্ৰশিক্ষণৰ বাবে ৰাওনা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে।

লক্ষণীয় যে, হিমাৰ এই খবৰে ৰাজ্যবাসীৰ মনতো যথেষ্ট দুখ দিছে। হিমাক লৈ আশাবাদী হৈ থকা ৰাজ্যবাসীয়ে হিমাই যিমান পাৰি সোণকালে এই প্ৰশিক্ষণ শিবিৰত যোগদিয়াতো বিচাৰিছে। ইফালে 'অসমীয়া প্ৰতিদিন'ৰ ডিজিটেল ডেস্কৰ হাতত পৰা এক তথ্য অনুসৰি ১০ অক্টোবৰৰ ভিতৰত বিভিন্ন বিভাগৰ খেলুৱৈসকলে পাটিয়ালা কেম্পত যোগ দিবলৈ জাননী জাৰি কৰি ৱেবছাইটযোগে এখন তালিকা প্ৰকাশ কৰি থৈছিল।

ছ'চিয়েল মিডিয়াযোগেও এথলেটিক ফেডাৰেশ্যন অৱ ইণ্ডিয়াই এই তালিকা ৰাজহুৱা কৰিছিল। তালিকাত ৪০০ মিটাৰ মহিলাৰ দৌৰৰ প্ৰশিক্ষণৰ বাবে আন ২২গৰাকী খেলুৱৈৰ সৈতে হিমা দাসক ১০ অক্টোবৰৰ ভিতৰত পাটিয়ালাত উপস্থিত হ'বলৈ কোৱা হৈছিল। কিন্তু হিমাই এই নিৰ্দেশনা অমান্য কৰাৰ বিপৰীতে আন সকল খেলুৱৈয়ে ইতিমধ্যে এই প্ৰশিক্ষণ শিবিৰত যোগ দিছে।

হিমাৰ প্ৰশিক্ষক নিপন দাসেও হিমাক যিমান পাৰি সোণকালে পাটিয়ালাৰ প্ৰশিক্ষণ শিবিৰত যোগ দিয়া উচিত বুলি পৰামৰ্শ আগবঢ়োৱা বুলি জানিব পৰা গৈছে। সম্বৰ্ধনা আৰু বিজ্ঞাপনৰ লগতে সভা-সমিতিত ব্যস্ত থকা হিমাই আই এছ এলতো যথেষ্ট সময় অপব্যয় কৰাটো দৃষ্টিগোচৰ হৈছিল বহুতৰে। আনকি ৯ অক্টোবৰত এখন সংবাদমেল পাতি এ এফ আইয়ে নৱপ্ৰজন্মৰ ক্ৰীড়া প্ৰতিভাধাৰী সকলক অনুশীলনত মনোনিবেশ কৰিবলৈ অনুৰোধ জনাইছিল।

আনকি হিমাময় হৈ থকা ছ'চিয়েল মিডিয়াতো হিমাক সমালোচনা কৰা হৈছে এই কাৰ্যক লৈ। কোনো কোনোৱে এনে মন্তব্যও কৰিছে যে, অত্যন্ত প্ৰতিভাধাৰী এই খেলুৱৈগৰাকীৰ এনে কৰ্মকাণ্ডই যথেষ্ট হতাশ কৰিছে। আই এছ এল, এছ বি আই, আই অ' চি এল এইবোৰৰ মাজৰ পৰা হিমাৰ দৰে প্ৰতিভাধাৰী খেলুৱৈক আৱদ্ধ কৰি নাৰাখি ট্ৰেকলৈ উভতি যোৱাৰ পৰামৰ্শ দিছে হিমাৰ গুণগ্ৰাহীয়ে।

আনকি ছ'চিয়েল মিডিয়াত সম্বৰ্ধনা লৈ ৰেষ্টুৰেণ্টে, ৰেষ্টুৰেণ্টে ঘূৰি এসাজ খাই ফূৰা কামবোৰ পিছত কৰিবলৈ কৈ হিমাক প্ৰধান কামত মনোনিবেশ কৰিবলৈ আহ্বান জনাইছে। কোনো কোনোৱে হিমাক এছিয়ান গেমছৰ পদকতেই আমুৱালে নেকি বুলি টিপ্পনী কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in