শেহতীয়া খবৰ
নাকত তেল দি শুই থাকক আজমল!- গৰুখুঁটি ঘটনাৰ প্ৰতিবাদত কোন ৰাজনৈতিক নেতাই এৰিলে দল...  •  ঘিলামৰাৰ ছাত্ৰনেতাক সাংবাদিকৰ হত্যাৰ ভাবুকি গোচৰ নিষ্পত্তি...  •  গৰুখুঁটি কাণ্ডঃ দৰং জিলা উপায়ুক্ত কাৰ্যালয়ত কংগ্ৰেছৰ প্ৰতিবাদ...  •  গৰুখুটিৰ উচ্ছেদ বেআইনী আৰু অমানৱীয়ঃ মুখ্যমন্ত্ৰী ভাতৃ হোৱাৰ বাবেই আৰক্ষী অধীক্ষকৰ দাদাগিৰি...  •  হেমন্ত দত্তক মনত আছেনে? আজি তেওঁৰ ওপজা দিন...  •  দুৰ্দশাগ্ৰস্ত কোৱাইকটা সত্ৰৰ অস্তিত্ব ৰক্ষাৰ বাবে নামঘৰত একেলগে বহিল হিন্দু মুছলমান ভকত...  •  ঢকুৱাখনা মহাবিদ্যালয় এন এছ এছ গোটৰ  "ক্লিন ঢকুৱাখনা" কাৰ্যসূচী  •  তিনি আৰক্ষী, ৮ উচ্ছেদিত জি এম চি এইছত চিকিৎসাধীনঃ কিশোৰসহ আছে গুলীবিদ্ধ...  •  খৰ্গ দাহন পৰ্ব  •  গৰুখুটিত এতিয়াও সন্ধানহীন কিশোৰীসহ ৪ জনঃ উচ্ছেদিত লোকৰ সা-সামগ্ৰী আৰক্ষীয়ে জুইত জাপি দিয়াৰ অভিযোগ..

খেলত অংশ ল’ব নোৱাৰিব আফগানিস্তানৰ মহিলাই…

ডিজিটেল ডেস্কঃ আফগানিস্তানত চৰকাৰ গঠন কৰাৰ পাছতে তালিবানে সলনি কৰিবলৈ আৰম্ভ কৰিছে বহু নিয়ম। আফগান মহিলাক কোনো খেলত অংশ লোৱাৰ পৰা বঞ্চিত কৰিবলৈ ওলাইছে তালিবানে। তালিবানাৰ নেতা আহমাদুল্লা ওৱাছিকে ৰাষ্ট্ৰখনৰ মহিলাসকলক ক্ৰীড়াৰ পৰা দূৰত থাকিবলৈ সকীয়াই দি প্ৰকাশ কৰিছে বিজ্ঞপ্তি। এই বিজ্ঞপ্তিত কোৱা হৈছে যে মহিলাৰ দেহৰ কোনো অংগ ওলাই থকাটো ইছলামৰ পৰিপন্থী কাৰ্য।

লগতে কোৱা হৈছে যে খেলৰ সময়ত মহিলাসকলে তেওঁলোকৰ দেহত সকলো অংগ ঢাকি ৰাখিব নোৱাৰে। সেয়েহে আফগানিস্তানৰ মহিলাসকলক খেলত ভাগ ল’বলৈ দিয়া নহ’ব। ইয়াৰ পাছতে অষ্ট্ৰেলিয়াই আফগানিস্তানৰ সৈতে অনুষ্ঠিত হ’বলগা মহিলা ক্ৰিকেট মেচ বাতিল কৰাৰ কথা ঘোষণা কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি