শেহতীয়া খবৰ
দিল্লীত প্ৰতিবাদকাৰীক বাধা দিবলৈ গৈ প্ৰাণ হেৰুওৱা হেড কনিষ্টবল ৰতন লালক শ্বহীদ ঘোষণাৰ দাবীত প্ৰতিবাদ...  •  দিল্লীৰ হিংসাত্মক ঘটনা নিয়ন্ত্ৰণলৈ অনাৰ দায়িত্ব প্ৰদান অজিত ডোভালক...  •  দিল্লীত অনুষ্ঠিত হৈছে কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক...  •  শ্ৰম বিভাগৰ ১২১ কোটি টকীয়া কেলেংকাৰীৰ মুখ্য অভিযুক্ত গৌতম বৰুৱাক গ্ৰেপ্তাৰ...  •  কাজিৰঙাত বিধ্বংসী অগ্নিকাণ্ড  •  আতৰাব পৰা যাবনে দিল্লীৰ শ্বাহীনবাগৰ পৰা প্ৰতিবাদকাৰীসকলক, বুধবাৰে উচ্চতম ন্যায়ালয়ত শুনানি...  •  দিল্লীত প্ৰতিবাদৰ নামত হিংসাত্মক ঘটনা, আৰক্ষীসহ নিহতৰ সংখ্যা ১৭ লৈ বৃদ্ধি  •  বাছ-কাৰৰ সংঘৰ্ষ, নিহত ৫জন...  •  উৰিয়ামঘাটত সদৌ অসম ভাওঁনা প্ৰতিযোগিতা  •  ৰাজ্যত অবাধে সৰবৰাহ হৈ আছে লালি গুৰ, VIDEO

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত সম্পন্ন হ’ল জিএনআৰচি ‘স্বাস্থ্য মিত্ৰ এক্সিলেন্স এৱাৰ্ড’

145

ডিজিটেল ডেস্কঃ ২০১৭ বৰ্ষৰ আগষ্ট মাহত মহানগৰীৰ ব্যক্তিগতখণ্ডৰ অগ্ৰণী চিকিৎসা প্ৰতিষ্ঠান জি এন আৰ চি হাস্পতালে আৰম্ভ কৰা ‘ব্যয়সাধ্য স্বাস্থ্য অভিযানে’ লাভ কৰিছে বিশেষ সহাৰি। এখন নিৰোগী আৰু সবল সমাজ গঠনৰ বাবে সূচনা কৰা এই অভিযানৰ অন্তৰ্গত স্বাস্থ্য মিত্ৰৰূপে দায়িত্ব পালন কৰি ২৫০০ ৰো অধিক ব্যক্তিয়ে অসমৰ চুকে-কোণে এক কোটিতকৈও অধিক লোকৰ জীৱন স্পৰ্শ কৰিছে।

প্ৰায় ১৪০০ স্বাস্থ্য মিত্ৰৰ উপস্থিতিত দেওবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত ‘দ্বিতীয় স্বাস্থ্য মিত্ৰ এক্সিলেন্স এৱাৰ্ড’ সম্পন্ন হয়। ‘ব্যয়সাধ্য স্বাস্থ্য অভিযান’ক সফল কৰাৰ বাবে গুৰুত্ব লোৱা ৮৩ গৰাকী স্বাস্থ্য মিত্ৰক এই অনুষ্ঠানত বঁটা প্ৰদান কৰা হয়। উল্লেখ্য যে, প্ৰতিমাহে প্ৰদান কৰা হয় এই বঁটা। দেওবাৰৰ এই অনুষ্ঠানত উপস্থিত থাকে অভিনেত্ৰী মাধুৰিমা চৌধুৰী, কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা, কৃষ্ণমণি চুতীয়া আৰু জীনা ৰাজকুমাৰী।

উল্লেখ্য যে, সমগ্ৰ বিশ্বতে ১০০ কোটিতকৈও অধিক লোক বৰ্তমান সময়ত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ আহিছে। দেওবাৰৰ অনুষ্ঠানটোত ‘ব্যয়সাধ্য স্বাস্থ্য অভিযান’ আৰু জি এন আৰ চিৰ প্ৰতিষ্ঠাপক ডাঃ নোমল বৰাই কয় যে, ‘সমগ্ৰ বিশ্বতে স্বাস্থ্যসেৱাৰ পৰা বঞ্চিত ব্যক্তিসকলক ব্যয়সাধ্য স্বাস্থ্য সেৱাৰ আওতালৈ অনাটো এক জটিল প্ৰক্ৰিয়া। ৰোগমুক্ত আৰু স্বাস্থ্যবান ব্যক্তি এগৰাকীয়েহে আৰ্থ সামাজিকভাৱে এখন দেশ আগুৱাই নিয়াত সহায় কৰিব পাৰে।’ ২০১৭ চনতে আৰম্ভ হোৱা এই আঁচনিখনৰ জৰিয়তে এখন ৰোগমুক্ত, সবল, স্বাস্থ্যবান আৰু সমৃদ্ধিশালী সমাজ গঢ়ি তুলিব বিচাৰো বুলিও মন্তব্য কৰে ডাঃ বৰাই।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি