মৌনব্ৰত ভংগ আদৱানীৰ, বিজেপিৰ নেতৃত্বক প্ৰশ্ন- সহমত পোষণ নকৰিলেই হয় নেকি দেশদ্ৰোহী

মৌনব্ৰত ভংগ আদৱানীৰ, বিজেপিৰ নেতৃত্বক প্ৰশ্ন- সহমত পোষণ নকৰিলেই হয় নেকি দেশদ্ৰোহী

ডিজিটেল ডেস্কঃ অৱশেষত মৌনতা ভংগ কৰিলে বিজেপিৰ পিতামহ স্বৰূপ লালকৃষ্ণ আদৱানীয়ে। কিন্তু বিজেপিৰ আটাইতকৈ বয়োজ্যেষ্ঠ এইগৰাকী নেতাৰ ভংগ হোৱা মৌনতাই সুখবৰ কঢ়িয়াই নানিলে বৰ্তমানৰ বিজেপি নেতৃত্বলৈ। যাৰ পৰিপ্ৰেক্ষিতত এতিয়া বিজেপিৰ ভিতৰ চৰাতে সৃষ্টি হৈছে অশান্ত পৰিস্থিতিৰ।

বৃহস্পতিবাৰে লালকৃষ্ণ আদৱানীয়ে নিজৰ ব্লগত বৰ্তমানৰ বিজেপি নেতৃত্বৰ ওপৰত কেইবাটাও প্ৰশ্নৰ উত্থাপন কৰে। 'প্ৰথমে ৰাষ্ট্ৰ, তাৰপিছত দল আৰু শেষত মই' শীৰ্ষক লেখাত আদৱানীয়ে বিজেপিৰ বৰ্তমানৰ নেতৃত্বক কেইবাটাও জৰুৰী প্ৰশ্ন কৰাৰ লগতে তেওঁ ৬ বাৰকৈ সাংসদ হিচাপে জয়ী হোৱা গান্ধীনগৰ সমষ্টিবাসীক ধন্যবাদ জনায়।'

লিখনিৰ প্ৰথমতেই তেওঁ লিখিছে যে বিজেপিয়ে প্ৰথমপৰাই বিৰোধী ৰাজনৈতিক দলক শত্ৰু বুলি ভৱা নাই।আদৱানীৰ মতে- 'যি সকল আমাৰ সৈতে ৰাজনৈতিকভাৱে সহমত পোষণ নকৰে, তেওঁলোকক দেশদ্ৰোহী বুলি কেতিয়াও কোৱা হোৱা নাই। দলে নাগৰিকৰ ব্যক্তিগত আৰু ৰাজনৈতিক স্বাধীনতা প্ৰদান কৰি আহিছে।'

উল্লেখ্য যে, বৰ্তমান সময়ত কোনো সাধাৰণ লোকে বা ৰাজনৈতিক নেতাই বিজেপিৰ বিৰুদ্ধাচৰণ কৰিলেই তেনে লোকক দেশদ্ৰোহী সজোৱাৰ চেষ্টা চলোৱা পৰিলক্ষিত হৈ আহিছে। তেনে পৰিপ্ৰেক্ষিতত আদৱানীৰ এই মন্তব্যই বিজেপিৰ বৰ্তমানৰ নেতৃত্বৰ প্ৰতি থকা তেওঁৰ মানসিক অসন্তুষ্টতাকে ব্যক্ত কৰা বুলি অনুমান কৰিব পাৰি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in