নাহেন্দ্ৰ পাদুনলৈ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা

নাহেন্দ্ৰ পাদুনলৈ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা

ডিজিটেল সংবাদ, নগাঁওঃ ১৯৪১ চনত মুৰ্কংচেলেক ৰিগিবি গাঁৱত জন্ম গ্ৰহণ কৰা অসমৰ বৰেণ্য সাহিত্যিক তথা বিগত পাঁচটা দশক জুৰি অসমৰ শিক্ষা, সাহিত্য আৰু সমাজ জীৱনলৈ প্ৰভূত বৰঙণি আগবঢ়োৱা নাহেন্দ্ৰ পাদুনক আজি তেওঁৰ জীৱন জোৰা সাধনাৰ বাবে প্ৰদান কৰা হয় আনন্দৰাম ঢেকিয়াল ফুকন বঁটা।

অসমৰ অন্যতম ভূমি পুত্ৰ মিছিং জনগোষ্ঠীৰ সমাজ আৰু সংস্কৃতিৰ বিষয়ত গৱেষণা তথা একেসময়তে মাদুৰাই বিশ্ববিদ্যালয়ৰ অধীনত ভাষা বিজ্ঞান চৰ্চালৈ অৰিহণা আগবঢ়োৱা এইগৰাকী সাহিত্যিকে কুৰিখনৰো অধিক মৌলিক গ্ৰন্থ আৰু অসংখ্য সম্পাদিত গ্ৰন্থৰে অসমীয়া সাহিত্য সংস্কৃতিক সমৃদ্ধ কৰাৰ লগতে মিচিং ঐনিতম অনুবাদেৰে অসমীয়া কবিতাৰ জগতক সমৃদ্ধ কৰিছে।

তেনে এগৰাকী সাহিত্যিকলৈ আজি নগাঁৱৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অনন্দৰাম ঢেকিয়াল ফুকন বঁটা প্ৰদান কৰে অসমৰ ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে।

'সাহিত্য তত্ব' আৰু 'আলোচনা তত্ব' গ্ৰন্থৰে অসমীয়া আলোচনা সাহিত্যত বিদেশী সাহিত্যৰ অধ্যয়ন সহজসাধ্য কৰি তোলা 'মিচিং আগাম কবাঙ'ৰ প্ৰাক্তন সভাপতি নাহেন্দ্ৰ পাদুন অসুস্থতাৰ বাবে তেওঁৰ হৈ ৰাজ্যপালৰ হাতৰ পৰা বঁটা গ্ৰহণ কৰে সাহিত্যিকগৰাকীৰ পুত্ৰ অভিজিত পাদুনে।

আজিৰ এই বটাত এখন প্ৰশংসা পত্ৰ, নগদ ২৪ হাজাৰ টকা, সন্মান ফলক আৰু গামোচা প্ৰদান কৰা হয়। নগাঁও জিলাৰ উপায়ুক্ত তথা মহাবিদ্যালয়খনৰ সমূহ অধ্যাপক-অধ্যাপিকা ছাত্র-ছাত্ৰী উপস্থিত থকা অনুষ্ঠানটিৰ আঁত ধৰে অধ্যাপিকা ড° মৌচুমী শইকীয়া আৰু সাহিত্যিক অৰিন্দম বৰকটকীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in