নগাঁও-হোজাইত দেওঁবাৰে জ্বলিব ড্ৰাগছ…

নগাঁও-হোজাইত দেওঁবাৰে জ্বলিব ড্ৰাগছ…

ডিজিটেল সংবাদ নগাঁও: নগাঁও আৰু হোজাই জিলাত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰা বুজন পৰিমানৰ ড্ৰাগছ দেওঁবাৰে জ্বলাই দিয়াৰ ব্যৱস্হা কৰিছে ৷ দুয়োখন জিলাৰ বিভিন্ন স্হানৰ পৰা আৰক্ষীয়ে অভিযান চলাই বিভিন্ন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰাৰ লগতে উদ্ধাৰ কৰিছিল বৃহৎ সংখ্যক হেৰ'ইন, ব্ৰাউন চুগাৰ, মৰফিন,আফিঙ, নিচায়ুক্ত টেবলেট, কফ চিৰাপ ৷

জানিব পৰা মতে আৰক্ষীয়ে জব্দ কৰা হেৰ'ইনৰ পৰিমান হৈছে ৪.৮৫২ কিলোগ্ৰাম, ব্ৰাউন চুগাৰ ৬৯.৩৩ গ্ৰাম, গাঞ্জা ৬০৩.৪৪১ কিলোগ্ৰাম, কফ চিৰাপ ১৩২৫ টা, নিচায়ুক্ত টেবলেট ২০১৫৫৮ টা ৷ ইয়াৰ বাহিৰেও মৰফিন ২০২ গ্ৰাম আৰু আফিঙ ১.০২৮ কিলোগ্ৰাম আছে ৷

জ্বলাই দিব লগা ড্ৰাগছ সমূহৰ ভিতৰত নগাঁও জিলাত হেৰ'ইন ১.৬৫২ কিলোগ্ৰাম, ব্ৰাউন চুগাৰ ৬৯.৩৩ গ্ৰাম , গাঞ্জা ৩৫.৭৪১ কিলোগ্ৰাম , কফচিৰাপ ৭৯৪৮ টা, টেবলেট ১৬৩৮৮০ টা , মৰফিন ২০২ গ্ৰাম আছে ৷

হোজাই জিলাত হেৰ'ইন ৩.২ কিলোগ্ৰাম, গাঞ্জা ৫৬৭.৭০১ কিলোগ্ৰাম, টেবলেট ৩৭৬৭৮ টা , কফচিৰাপ ৩৭৭ টা আৰু আফিঙ ১.০২৮ কিলোগ্ৰাম আছে ৷ এন ডি পি এছ এক্ট ১৯৮৫ ৰ মতে প্ৰদূষণ নিয়ন্ত্ৰন বৰ্ডৰ ক্লিয়াৰেঞ্চ লৈ দুয়োখন জিলাই পৃথকে পৃথকে জ্বলাই দিব এই বৃহৎ সংখ্যক ড্ৰাগছ খিনি ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in