মন্দিৰ, মছজিদ দৰ্শনত ব্যস্ত শিৱসেনাৰ নেতা-সাংসদ…

মন্দিৰ, মছজিদ দৰ্শনত ব্যস্ত শিৱসেনাৰ নেতা-সাংসদ…

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছতে মন্দিৰ, মছজিদ দৰ্শন বৃদ্ধি পাইছে বিজেপিৰ লগতে মিত্ৰদলৰ নেতা-মন্ত্ৰীসকলৰ। শনিবাৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কেৰালাৰ শ্ৰীকৃষ্ণ মন্দিৰ দৰ্শন কৰাৰ সমান্তৰালভাৱে শিৱসেনাৰ কেইবাগৰাকী নেতাই আজমেৰৰ মইনুদ্দিন চিষ্টীৰ দৰগাহ দৰ্শন কৰি চাদৰ অৰ্পন কৰে।

শনিবাৰে যুৱ সেনাৰ প্ৰধান আদিত্য ঠাকৰে, শিৱসেনাৰ সচিব মিলিন্দ নাৰ্বেকৰ আৰু যুৱসেনাৰ পদাধিকাৰী ৰাহুল কনালে আজমেৰৰ মইনুদ্দিন চিষ্টীৰ দৰগাহত উপস্থিত হৈ প্ৰাৰ্থনা জনায়। উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ পূৰ্বেও নেতাকেইগৰাকীয়ে দৰগাহত মূৰ দোৱাই জয়ৰ বাবে প্ৰাৰ্থনা জনাইছিল।

ইফালে, এই কেইদিনত শিৱসেনাৰ আন কেইবাগৰাকীও সাংসদ-নেতাই মহাৰাষ্ট্ৰৰ একবিৰা দেৱী আৰু অম্বাবাই দৰ্শন কৰি পূজা অৰ্চনা কৰে। আনহাতে অহা ১৬ জনত শিৱসেনাৰ অধ্যক্ষ উদ্ধৱ ঠাকৰেৰে দলৰ নৱ নিৰ্বাচিত সাংসদসকলক লগত লৈ ৰাম দৰ্শনৰ বাবে অযোধ্যালৈ যাব বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in