পাকিস্তানী হৈছিল অভিনেতা আদিল হুছেইন!

পাকিস্তানী হৈছিল অভিনেতা আদিল হুছেইন!

ডিজিটেল ডেস্কঃ ইউৰোপ মহাদেশৰ এখন দেশ। দেশখনত অভাৱ নাই প্ৰতিভাৰ। লিভ উলমানকে আদি কৰি অভিনয় জগতৰ একাধিক প্ৰতিভাই গৌৰৱান্বিত কৰিছে দেশখনক। তেনে এখন দেশত উজলি উঠিছে এগৰাকী অসমীয়া। এইগৰাকী অসমীয়া আন কোনো নহয়। তেওঁ হৈছে 'লাইফ অব পাই'ৰ জৰিয়তে সমগ্ৰ বিশ্বতে প্ৰতিষ্ঠা লাভ কৰিবলৈ সমৰ্থ হোৱা আদিল হুছেইন।

প্ৰতিভাক সন্মান জনাবলৈ কোনো কৃপণালি নকৰে এইখন স্কেণ্ডিনেভিয়ান দেশে। সেয়ে বিদেশৰ নাগৰিক এজনক তেওঁলোকৰ দেশৰ অভিনয়ৰ ক্ষেত্ৰখনৰ সৰ্বোচ্চ সন্মান প্ৰদান কৰাৰ পিছতো তাত সৃষ্টি হোৱা নাই কোনো বিতৰ্কৰ। বৰং অনুভৱ কৰিছে গৌৰৱ। কিয়নো তেওঁলোক ভালকৈয়ে বুজে যে ভৌগোলিক সীমাৰে কলাক আৱদ্ধ কৰি ৰাখিব নোৱাৰি।

সেয়ে নৰৱেৰ কলা ৰসিক তথা বিচাৰক মণ্ডলীয়ে একাধিক চিনেমাৰ একাধিক অভিনেতা-অভিনেত্ৰীৰ মাজৰ পৰা বাছি উলিয়াইছিল সেইজন অভিনয় শিল্পীক যিয়ে অভিনয়ৰে জীৱন্ত কৰি তুলিছিল কাহিনীৰ এটা চৰিত্ৰক। ইউৰোপীয় কঠিন তুলাচনীত শেষ মুহূৰ্তত বাছনিত উঠিছিল আদিল হুছেইন।

এখন বিশেষ চিনেমা। নাম 'হোৱাট উইল পিপল ছে'। চিনেমাখনৰ নাম যেনে আদিল হুছেইনৰ চৰিত্ৰটোও তেনে। বহুতেই হয়তো ভাবিছে নৰৱেৰ সেই ছবিখনত আদিল হুছেইনে ৰূপায়ণ কৰা চৰিত্ৰটো কি?

ইৰম হক। বৰ্তমান নৰৱেৰ নাগৰিক। ইৰমৰ শিপা আছে পাকিস্তানত। ১৯৭৬ চনত জন্মগ্ৰহণ কৰা পাক মূলৰ এইগৰাকী সফল মহিলা পৰিচালকেই পৰিচালনা কৰিছে 'হোৱাট উইল পিপল ছে'। চিনেমাখনৰ কাহিনীতো যেন ছাঁ পৰিছে নিজৰ জীৱনৰ। বৰ্ণিত কৰা হৈছে পাকিস্তানৰ পৰা নৰৱেলৈ প্ৰব্ৰজন কৰা এটা পৰিয়ালৰ কাহিনী।

প্ৰব্ৰজন এতিয়া সমগ্ৰ বিশ্বৰে এক জটিল সমস্যা। মধ্য প্ৰাচ্যৰ পৰা ইউৰোপীয় দেশসমূহলৈ প্ৰব্ৰজন কৰিছে লক্ষ লক্ষ অসহায় লোক। সেই লোকসকলক ইউৰোপৰ দেশসমূহে খেদি পঠিয়াব নে মানৱীয়তাৰ খাতিৰত আশ্ৰয় প্ৰদান কৰিব সেই লৈ সৃষ্টি হৈছে এক আন্তৰ্জাতিক বিতৰ্ক। ইউৰোপৰ পৰা যদি আমি আমাৰ দেশলৈকে ওভতি আহো তেতিয়াও দেখিবলৈ পাও সেই একেই ছবি।

সেই বাস্তৱক লৈয়েই 'হোৱাট উইল পিপল ছে'। ছবিখনত পমুৱা পাকিস্তানী পৰিয়ালৰ কন্যাগৰাকীয়ে প্ৰেমত পৰে নৰৱেৰ এজন যুৱকৰ সৈতে। কিন্তু এইক্ষেত্ৰত পদে পদে দেখা দিছে বাধা। প্ৰতিজন দৰ্শকৰ হৃদয়-মন আলোডি়ত কৰি তুলিব পৰা ছবিখনত নৰৱেৰ যুৱকৰ প্ৰেমত পৰা পাক মূলৰ যুৱতীগৰাকীৰ পিতৃৰ চৰিত্ৰটোৱেই ৰূপায়ণ কৰিছে আদিল হুছেইনে।

চিনেমাখনত এজন পাকিস্তানী পিতৃৰ চৰিত্ৰক জীৱন্ত ৰূপ দিয়া বাবেই ভাৰত তথা অসমৰ আদিল শ্বাহক নৰৱেৰ জুৰীয়ে নিৰ্বাচিত কৰিছিল দেশখনৰ অভিনয় ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান আমান্দা বঁটাৰ বাবে। আদিলৰ ভাষাত, ' কলাই অতিক্ৰম কৰে সীমাৰ পৰিধি। 'হোৱাট উইল পিপল ছে'ৰ সফলতাই ইয়াৰ প্ৰমাণ। মই যে আন এখন দেশৰ নাগৰিক সেয়া তেওঁলোকৰ বিচাৰ্য নাছিল। মই চিনেমাখনত কি অভিনয় কৰিলো, সেয়াহে তেওঁলোকে বিচাৰ কৰিলে।'

অসম তথা ভাৰতৰ হৈয়ো নৰৱেৰ শ্ৰেষ্ঠ অভিনেতা হিচাপে স্বীকৃতি লাভ কৰা আদিলে সেই মুহূৰ্ততো স্মৰণ কৰে ভায়া মামাৰ দিনৰ সেই ত্যাগ আৰু কষ্টবোৰ, শৈশৱ আৰু কৈশোৰ কটোৱা গোৱালপাৰাৰ সেই দিনবোৰ। 'যেতিয়া কোনো এটা বিষয়ক গভীৰভাৱে লোৱা হয়, তেন্তে কোনো সীমাই তাক বান্ধি ৰাখিব নোৱাৰে। মোৰ গৃহ চহৰ গোৱালপাৰায়ো তাহানিতেই মোক সকলো সীমা অতিক্ৰমি মুক্ত হোৱাৰ অনুপ্ৰেৰণা দিছিল।'-আদিলৰ মন্তব্য।

হয়, এয়াই সত্য। আচলতে আমি দুই-এটা ক্ষেত্ৰৰ বাদে সীমাৰ পৰিধি অতিক্ৰম কৰিবই লাগিব। আমি সন্মান জনাবলৈ শিকিব লাগিব প্ৰকৃত প্ৰতিভাক। যিদৰে নৰৱেবাসীয়ে সেই দেশৰ নাগৰিক নোহোৱা সত্বেও এজন ভাৰতীয়ক, এজন অসমীয়াক প্ৰদান কৰিলে তেওঁলোকৰ দেশৰ অভিনয় ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান।

সীমাৰ পৰিধি ভাঙি এজন পাকিস্তানী পিতৃৰ চৰিত্ৰত সফল অভিনয় কৰিলে আমাৰ আদিল হুছেইনে। ছবিত 'পাকিস্তানী' হ'ল আদিল হুছেইন। এয়েতো এজন অভিনেতাৰ দক্ষতা। এই দক্ষতাৰে তেওঁ শ্ৰেষ্ঠত্ব অৰ্জন কৰিলে সূদূৰ নৰৱেত। অভিনন্দন আদিল হুছেইন।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in