শেহতীয়া খবৰ
হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বিৰোধিতাত কঁপিল শিৱসাগৰ  •  ২৭ জানুৱাৰীত ১২ ঘণ্টাৰ বাবে ৰাজ্য অচল কৰিব ৭০ সংগঠনে!  •  ২৭ জানুৱাৰীত ১২ ঘণ্টাৰ বাবে ৰাজ্য অচল কৰিব ৭০ সংগঠনে!  •  বিধানসভাত বিৰোধী আসনত বহিবলৈ অধ্যক্ষক পত্ৰ অগপৰ  •  বিধানসভাত বিৰোধী আসনত বহিবলৈ অধ্যক্ষক পত্ৰ অগপৰ  •  বিশ্বনাথ জিলাৰ নতুন উপায়ুক্ত পৱিত্ৰ ৰাম খাউণ্ডৰ কাৰ্যভাৰ গ্ৰহণ  •  শিৱসাগৰ জিলাৰ উপায়ুক্ত হিচাপে ডঃএছ লক্ষ্মণৰ কাৰ্যভাৰ গ্ৰহণ  •  নুমলীগড়ৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত গাড়ীৰ খুন্দাত নাহৰফুটুকীৰ মৃত্যু  •  বিজেপিৰ দল আৰু চৰকাৰৰ সুমতি কামনাৰে কংগ্ৰেছৰ ভাগৱত পাঠ  •  গোৱালপাৰাত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত সৰ্বমুঠ ৬৫:৮১% ভোট গ্ৰহণ

অস্কাৰৰ বাবে মনোনীত আদিল হুছেইন অভিনীত নৰৱেৰ ছবি ‘হোৱাট উইল পিপ’ল ছে’

451

ডিজিটেল সংবাদ, গুৱাহাটীঃ অসমৰ বাবে আন এক সুখবৰ। ২০১৯ বৰ্ষৰ অস্কাৰৰ বাবে মনোনীত হৈছে অসম সন্তান আদিল হুছেইন অভিনীত নৰৱেৰ ছবি ‘হোৱাট উইল পিপ’ল ছে’।

চিনেমাখনত এজন পাকিস্তানী পিতৃৰ চৰিত্ৰত অভিনয় কৰা আদিলে কিছুদিন পূৰ্বে লাভ কৰিছিল নৰৱেৰ অভিনয় ক্ষেত্ৰৰ সৰ্বোচ্চ সন্মান আমান্দা বঁটা।

মঙলবাৰে চিনেমাখনে নৰৱেৰ পৰা ৯১ সংখ্যক একাডেমী এৱাৰ্ডৰ বাবে মনোনয়ন লাভ কৰাৰ খবৰ পোৱাৰ লগে লগে ছ’চিয়েল মিডিয়াযোগে পৰিচালক ইৰম হকক অভিনন্দন জনোৱাৰ লগতে নিজেও সন্তুষ্টি ব্যক্ত কৰে। পাকিস্তানী মূলৰ মহিলা পৰিচালক ইৰম হকে প্ৰব্ৰজনৰ সমস্যাক সুন্দৰভাৱে তুলি ধৰিছে নৰৱেৰ এই ছবিখনত।

উল্লেখ্য যে ইয়াৰ পূৰ্বেও আদিল অভিনীত ২০১২ চনত মুক্তি পোৱা ‘লাইফ অৱ পাই’ ছবিখনে ৩ টাকৈ অস্কাৰ পুৰষ্কাৰ আজুৰি আনিবলৈ সমৰ্থ হৈছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি