লক্ষ্য নতুন ইতিহাস… ‘এডিডাছ’ৰ সৈতে চুক্তিৱদ্ধ স্বৰ্ণকন্যা হিমা দাস

লক্ষ্য নতুন ইতিহাস… ‘এডিডাছ’ৰ সৈতে চুক্তিৱদ্ধ স্বৰ্ণকন্যা হিমা দাস

ডিজিটেল সংবাদ, গুৱাহাটীঃ এডিডাছ হিমা দাস। এনেদৰেই খেলপথাৰৰ ট্ৰেকৰ পৰা কৰ্প'ৰেটৰ বিজ্ঞাপনৰ ট্ৰেকত খোজ থৈ এক নতুন যাত্ৰা আৰম্ভ কৰিছে ধিঙৰ হিমা দাসে। ফিনলেণ্ড আৰু ইণ্ডোনেছিয়াৰ সাফল্যৰ পিছতে বিশ্বখ্যাত জাৰ্মানীৰ প্ৰতিষ্ঠানটোৱে হিমাৰ সৈতে স্বাক্ষৰ কৰিছে বিজ্ঞাপনৰ বিশেষ চুক্তি।

বংগকন্যা স্বপ্না বৰ্মনৰ ৬আঙুলিযুক্ত দুই ভৰিৰ বাবে বিশেষ জোতা নিৰ্মাণৰ দায়িত্ব লোৱাৰ কথা ঘোষণা কৰাৰ পিছতে অসমৰ হিমাৰ সৈতে বিজ্ঞাপনৰ চুক্তি সম্পন্ন কৰে প্ৰতিষ্ঠানটোৱে। পৃথিৱীখ্যাত এডিডাছৰ সৈতে সম্পাদন হোৱা চুক্তিও অসমৰ কন্যা হিমাৰ বাবে এক নতুন ইতিহাস।

সফলতাৰ শিখৰলৈ দোপতদোপে আগবঢ়া কান্ধুলিমাৰীৰ হিমা দাসৰ নাম অৰ্জুন বঁটাৰ বাবে বিবেচিত হোৱাৰ কথা কালি মাত্ৰ প্ৰকাশ পাইছিল। ইতিপূৰ্বে হিমাই ধিঙত কেইটামান কোম্পানীৰ সৈতে চুক্তিৱদ্ধ হোৱাৰ সম্ভাৱনাৰ কথা সংবাদ মাধ্যমত প্ৰকাশ কৰিছিল যদিও কোম্পানীৰ নাম উল্লেখ কৰা নাছিল।

কিন্তু মঙলবাৰে নতুন দিল্লীত আয়োজিত এক বিশেষ অনুষ্ঠানত হিমাৰ সৈতে চুক্তি সম্পন্ন কৰি এডিডাছৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপে অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপে ঘোষিত হোৱা হিমাক 'এডিডাছ'লৈ আদৰণি জনায় বিশ্বৰ শীৰ্ষস্থানৰ স্পৰ্টছৱেৰ নিৰ্মাতা প্ৰতিষ্ঠানটোৰ ভাৰতৰ দায়িত্বত থকা পৰিচালন সঞ্চালক ডেভ থমাছে।

বিশেষ অনুষ্ঠানটোত হিমাক এডিজিৰো প্ৰাইম এছ পি নামৰ বিশেষতকৈয়ে বিশেষ প্ৰিমিয়াম জোতা এযোৰো উপহাৰ দিয়ে প্ৰতিষ্ঠানটোৱে। এই জোতাযোৰৰ সোভৰিৰ জোতাত 'হিমা দাস' বুলি লিখা থকাৰ বিপৰীতে বাও ভৰিৰ জোতাত লিখা আছে 'ক্ৰিয়েট হিষ্টৰী'।

'খেলেৰে জীৱন সলনি কৰাতো সম্ভৱ। এই কথা আমি আন্তৰিকতাৰে বিশ্বাস কৰো। হিমা দাস হৈছে ইয়াৰ অন্যতম উদাহৰণ। আমি হিমাক এডিডাছলৈ আদৰণি জনাইছো। হিমাৰ জৰিয়তে ভাৰতৰ চুকে-কোণে লুকাই থকা ক্ৰীড়া প্ৰতিভাক বিচাৰি উলিয়াবলৈ আমি প্ৰতিশ্ৰুতিৱদ্ধ।'-এইদৰে কয় ডেভ থমাছে।

ৰাজ্যৰ ক্ৰীড়া বিভাগৰ ব্ৰেণ্ড এম্বেছেডৰ দায়িত্ব গ্ৰহণৰ পিছতে এডিডাছৰ দৰে এটা বিশ্বখ্যাত প্ৰতিষ্ঠানৰ জৰিয়তে কোটিটকীয়া বিজ্ঞাপনৰ জগতখনত ভৰি থোৱা হিমাৰ সমুখত এতিয়া আছে অলিম্পিকৰ প্ৰত্যাহ্বান।

দুখনকৈ গুৰুত্বপূৰ্ণ আন্তৰ্জাতিক প্ৰতিযোগিতাত উল্লেখনীয় সফলতা অৰ্জনৰে নামী-দামী বহুজাতিক প্ৰতিষ্ঠানৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হোৱা হিমাই এনে ব্যস্ততাৰ মাজতে প্ৰয়োজনীয় অনুশীলনৰ জৰিয়তে সমাগত প্ৰতিখন প্ৰতিযোগিতাত অধিক আত্মবিশ্বাসেৰে অৱৰ্তীৰ্ণ হৈ দুগুণ সফলতা অৰ্জন কৰিবলৈ সমৰ্থ হ'ব বুলি আশাৰে বাট চাই ৰৈছে দেশবাসীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in