FULL EPISODE- সংসদত বলিষ্ঠ, অসমত দুৰ্বল নেকি…

FULL EPISODE- সংসদত বলিষ্ঠ, অসমত দুৰ্বল নেকি…

ডিজিটেল ডেস্কঃ লোকসভাত বিৰোধী কংগ্ৰেছদলৰ উপ দলপতি গৌৰৱ গগৈ। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এই গৌৰৱ গগৈয়ে বিদেশত শিক্ষাগ্ৰহণ কৰি স্বতন্ত্ৰ এক সামাজিক জীৱন আৰম্ভ কৰিছিল যদিও ২০১৪চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমলৈ ঘূৰি আহি ৰাজনৈতিক জীৱন আৰম্ভ কৰাৰ লগে লগে অসমৰ প্ৰদেশ কংগ্ৰেছত জোকাঁৰণিৰ সৃষ্টি হৈছিল। কিয়নো তেওঁ আছিল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ।

নিজৰ উত্তৰাধিকাৰী হিচাপে পুত্ৰক প্ৰক্ষেপ কৰাৰ সম্ভাৱনাক লৈ কংগ্ৰেছ দলত সৃষ্টি হৈছিল বিসম্বাদ। সেই বিসম্বাদে লোকসভা নিৰ্বাচনটোত কলিয়াবৰ সমষ্টিৰ প্ৰাৰ্থীৰূপে গৌৰৱ গগৈক থিয় কৰোৱাৰ লগে লগে শাসকদলটোত উলম্ব বিভাজন ঘটে। পৰিস্থিতি এনে হয়গৈ যে, মুখ্যমন্ত্ৰীগৰাকীৰ তেতিয়াৰ সোঁহাতস্বৰুপ ড০ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ অনুগামী একাংশ মন্ত্ৰী-বিধায়কে আৰু নেতাই কংগ্ৰেছ এৰি হঠাত বিজেপিত যোগদান কৰে। এয়া আছিল বিজেপিৰ উত্থান আৰু পতনৰ প্ৰেক্ষাপট।

গৌৰৱ গগৈয়ে বিজেপিৰ প্ৰাৰ্থীক পৰাস্ত কৰি সাংসদৰূপে বিজয়ী হয় যদিও পৰৱৰ্তী বিধানসভা নিৰ্বাচনত পতন ঘটে ১৫বছৰীয়া তৰুণ গগৈৰ শাসনৰ। ইয়াৰ বিপৰীতে তেনেই কম বয়সীয়া ৰাজনীতিক হলেও সংসদত গৌৰৱ গগৈয়ে খুব কম দিনৰ ভিতৰতে সুদৃঢ় এক ভেটিঁ তৈয়াৰ কৰিবলৈ সক্ষম হয়।

প্ৰথমটো নিৰ্বাচনত ৪লাখ ৪৩হাজাৰ ভোট লাভ কৰি নিৰ্বাচিত হোৱা সাংসদগৰাকীয়ে ২০১৯ৰ নিৰ্বাচনত একেটা কলিয়াবৰ সমষ্টিতে ৭লাখ ৭৮হাজাৰ ভোট লাভ কৰি প্ৰায় ২লাখৰো অধিক ভোটৰ ব্যৱধানত বিজয়ী হবলৈ সক্ষম হৈছিল। সংসদত সবল উপস্থাপন আৰু নিৰ্বাচনী ৰাজনীতি দেখুওৱা বিচক্ষনাৰ বাবেই তেওঁক কংগ্ৰেছ বিধায়িনী দলত বহু জ্যেষ্ঠ নেতা থকাৰ পিছতো উপ দলপতি হিচাপে শেহতীয়াকৈ মনোনিত কৰা হ'ল।

লোকসভাৰ বিৰ্তকত তেওঁৰ শক্তিশালী উপস্থাপনে ৰাষ্ট্ৰীয় সংবাদমাধ্যমকো ইতিমধ্যে আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে গৌৰৱ গগৈয়ে। অসমত তেওঁক কেন্দ্ৰ কৰি বহু প্ৰশ্ন উত্থাপিত হ'লেও সাধাৰণতে সংবাদমাধ্যমৰ পৰা আতঁৰি নিজৰ সংসদীয় সমষ্টিৰ কাম-কাজতে ব্যস্ত থকা এই গৌৰৱ গগৈৰ পৰা ইয়াৰ উত্তৰ বিচাৰিয়েই অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কত বিভিন্ন প্ৰশ্ন লৈ ঘৰুৱা আলোচনাত মিলিত হৈছিল জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্ত।

মাৰ্জিতভাৱেই বিচক্ষনতাৰে ইয়াৰ উত্তৰো দিছিল অসমীয়া ভাষাত বৰকৈ কথা কব নোৱাৰা বুলি চৰ্চিত তজবজীয়া সাংসদ গৌৰৱ গগৈ। কিন্তু তাৰ মাজেৰেই বিৰোধী দল কংগ্ৰেছৰ সবলতা-দুৰ্বলতা আৰু নিজৰ লগতে পিতৃৰ ভুল শুদ্ধ প্ৰদক্ষেপৰ কথাও প্ৰকাশ পাইছিল।

তেনে এটা প্ৰশ্ন আছিল-হু ইজ বদৰুদ্দিন বুলি কোৱা বাবেই এদিন তৰুণ গগৈক অসমৰ খিলঞ্জীয়া ৰাইজে আদৰি লৈছিল। তেনেস্থলত এতিয়া বদৰুদ্দিনৰ সৈতে কংগ্ৰেছৰ এই মিত্ৰতাক লৈ তেওঁৰ দৃষ্টিভংগী কি? ৰাজ্যত অসম প্ৰদেশ কংগ্ৰেছক নেতৃত্ব দিব পৰাকৈ নেতৃত্বৰ অভাৱ নেকি?

এজন পৈণত ৰাজনীতিবিদৰ দৰে গৌৰৱ গগৈয়ে দি গ'ল প্ৰতিটো প্ৰশ্নৰ উত্তৰ। ইয়াৰোপৰি লোকসভাত কংগ্ৰেছ দলৰ উপ দলপতি ৰূপে কাৰ্যনিৰ্বাহ কৰি থকা এই যুৱ নেতাগৰাকীয়ে তেওঁৰ লক্ষ্য আৰু উদ্দেশ্য সন্দৰ্ভতো প্ৰথমবাৰৰ বাবে বহু কথা ব্যক্ত কৰিলে।

এপিএছচি কেলেংকাৰীৰ পৰা আৰম্ভ কৰি এছ আই কেলেংকাৰীলৈকে সকলোবোৰ দিশ সামৰি ভালে কেইটা প্রশ্নৰ উত্তৰ দিলে গৌৰৱ গগৈয়ে। পুনৰ কংগ্ৰেছ চৰকাৰ ঘূৰি আহিলে পূৰ্বৰ তৰুণ গগৈৰ শাসনকালত ৰূপায়ন কৰা বহু কেইজন জনপ্ৰিয় আঁচনি তেওঁলোকৰ চৰকাৰে ৰূপায়ন কৰিব বুলিও প্ৰতিশ্ৰুতি দিয়ে।

মেধাৱী ছাত্ৰ-ছাত্ৰীক কম্পিউটাৰ দিয়াৰ আঁচনি বিজেপিৰ চৰকাৰে বন্ধ কৰাৰ প্ৰসংগ তেওঁ আঙুলিয়াই কয়- সেই আঁচনি বন্ধ কৰাৰ বাবে এতিয়া ডিজিটেল বা অনলাইন শিক্ষা প্ৰদানত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে মেধাৱী ছাত্ৰ-ছাত্ৰীসকল। তেওঁ কংগ্ৰেছত যোগদান কৰাৰ পাছত দলটোত সৃষ্টি হোৱা জোঁকাৰণিয়ে দলটোক ক্ষতি কৰিলে নেকি বুলিও পোনপতীয়া প্ৰশ্ন সোধা হৈছিল তেওঁক।

উত্তৰত গৌৰৱ গগৈয়ে কি ক'লে সবিশেষ চাওঁক তলৰ লিংকত-

আমাৰ ফেচবুক লিংকঃ

https://www.facebook.com/442765899156391/videos/390228568668254

আমাৰ ইউটিউব লিংকঃ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in