FULL EPISODE: উদ্যমী ৰূপক শৰ্মা বিধায়ক হিচাপে কিমান সফল, ক’ত বিফল…

FULL EPISODE: উদ্যমী ৰূপক শৰ্মা বিধায়ক হিচাপে কিমান সফল, ক’ত বিফল…

ডিজিটেল ডেস্কঃ নগাঁৱৰ বৌদ্ধিক, সাংস্কৃতিক জগতৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত এটা সভ্ৰান্ত পৰিয়ালৰ উদ্যমী যুৱক ৰূপক শৰ্মাৰ সম্পৰ্ক পিতৃৰ দ্বাৰা স্থাপিত ৰূমী ৰূপক নামৰ বাতৰি কাকত আৰু কিতাপঘৰ খনতে সীমাৱদ্ধ হৈ থকা নাছিল। বসন্ত উৎসৱ নামেৰে নেহৰুবালিৰ ৰঙালী উৎসৱ, ভোগালী উৎসৱ, অন্যান্য সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে নগাঁৱৰ সাংস্কৃতিক জগতত সুকীয়া স্থান দখল কৰিছিল বাণিজ্যৰ স্নাতক ৰূপক শৰ্মাই।  কম্পিউটাৰ শিক্ষা আৰু সাধাৰণ শিক্ষাৰ অনুষ্ঠান স্থাপন কৰি শৈক্ষিক ক্ষেত্ৰখনতো প্ৰভাৱ বিস্তাৰ কৰা শৰ্মা পাৰিবাৰিক সূত্ৰেই ৰাজনৈতিক জগতখনৰ সৈতেও সম্পৰ্কীত। কিন্তু সমগ্ৰ দেশক যেতিয়া বিজেপিৰ ঢৌ তথা পৰিৱৰ্তনৰ বতাহে জোঁকাৰিছিল, সেই সময়তে পোনপটীয়া নিৰ্বাচনী ৰাজনীতিত প্ৰৱেশ কৰি ২০১৬চনত প্ৰথম খোজতে তেওঁ বিধানসভাতো প্ৰৱেশ কৰাত সফল হ'ল। তেওঁৰ মতে, নিৰ্বাচনী ৰাজনীতি বা বিধানসভাৰ নিৰ্বাচনত ক্ষমতা বা ব্যক্তিগত লাভালাভৰ স্বাৰ্থত তেওঁ নিৰ্বাচনী ৰাজনীতিলৈ অহা নাছিল। তেওঁ কিয় আহিছিল ৰাজনীতিলৈ চাওঁক তলৰ লিংকত-

বিগত চাৰে চাৰি বছৰীয়া কাৰ্যকালত এইগৰাকী উদ্যমী বিধায়কৰ সৈতে মতপাৰ্থক্য থাকিলেও এই কথা সঁচা যে, তেওঁৰ ধন লোভ বা ক্ষমতাৰ খকক লৈ বৰ্তমানলৈকে কোনেও প্রশ্ন উত্থাপন কৰা নাই। আনহাতে, দীৰ্ঘদিন ক্ষীপ্ৰ উন্নয়ন আঁচনি ৰূপায়নৰ বাবে এজন কৰ্মক্ষম বিধায়কৰ সন্ধানত থকা নগাঁও সদৰৰ ৰাইজে বিধায়ক হিচাপে ৰূপক শৰ্মাৰ কৰ্মদক্ষতাক লৈ তুলনামূলকভাৱে বহু পৰিমানে সন্তুষ্ট। অতি ঠেক বাট-পথ আৰু ঠেলা-ৰিক্সাৰ যান-জঁট, জাৱৰ-জোথৰৰ মাজত কদৰ্য হৈ পৰা নগাঁও চহৰখন চাফ-চিকুণকৈ সজোৱাৰ বাবে প্ৰয়াত মতি বৰাৰ দৰে এজন প্ৰতিনিধিৰ আশাৰে যিসকলে বাট চাই আছিল, তেওঁলোকৰ আশা সম্পূৰ্ণ কৰিব নোৱাৰিলেও নগাঁও চহৰত প্ৰৱেশ কৰিলেই উন্নয়নৰ দৃশ্য সকলোৰে চকুত পৰে।

অৱশ্যে বিধায়ক গৰাকীৰ কাম-কাজ কেৱল চহৰখনৰ বাট-পথ, দলঙৰ উন্নয়নক লৈয়ে সীমাৱদ্ধ হৈ থাকিব নোৱাৰে। কিয়নো চহৰক বাদ দিও সমষ্টিটোৱে গ্ৰামাঞ্চলকো সামৰিছে। আনহাতে, বাট-পথৰ উন্নয়ন মানেই সমষ্টিৰ উন্নয়ন নহয়। যি কথা ৰূপক শৰ্মাই সম্পূৰ্ণ ৰূপে সামৰি ল'ব এতিয়াও পৰা নাই। নিবনুৱাৰ সংস্থাপন, কাৰ্যালয়সমূহৰ স্বচ্ছতা, বহু স্থানৰ আৱৰ্জনা, চহৰৰ দাঁতিৰে বহু বাট-পথৰ দুৰাৱস্থাই এতিয়াও এচাম লোকক অসন্তুষ্ট কৰি ৰাখিছে। ৰূপক শৰ্মাৰ মতে, সুদীৰ্ঘ কাল উন্নয়নৰ পৰা বঞ্চিত হৈ থকা সমষ্টিটোৰ ভোটাৰ ৰাইজৰ প্ৰত্যাক্ষা চাৰে চাৰি বছৰতে সম্পূৰ্ণ কৰাতো সম্ভৱ নহয়, যদিও সকলো খিনি কৰি যাবলৈ তেওঁ পাৰ্যমানে আন্তৰিকতাৰে চেষ্টা কৰিছে। প্ৰত্যাহ্বান, প্ৰতিবন্ধকতা আৰু অসন্তুষ্টিৰ মাজতো কৰি যোৱা কামখিনিৰ বাবে মানসিক শান্তি তেওঁ পাইছে। অৱশ্যে সমষ্টিটোৰ সকলোকে সন্তুষ্টি দিব নোৱাৰালৈকে এই সন্তুষ্টি অসম্পূৰ্ণ। কিন্তু সেয়া কিমান দূৰ সম্ভৱ হ'ব ৰাইজৰ সহযোগিতাইহে তাক নিশ্চিত কৰিব। অসমীয়া প্ৰতিদিনৰ ডিজিটেলৰ 'আড্ডা'ত  জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্তৰ বহু প্ৰশ্নৰ উত্তৰ দিয়াৰ সমান্তৰালভাৱে তেওঁৰ সফলতা-বিফলতাৰ খতিয়ান আৰু বহু বিষয়ত অসহায় স্বীকাৰোক্তিও আগবঢ়ালে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in