শেহতীয়া খবৰ
কোভিডত আক্ৰান্ত হৈ শিঙিমাৰী কোভিড কেয়াৰ হস্পিতালত এজনৰ মৃত্যু...  •  ড০ হিমন্ত বিশ্ব শৰ্মা লৈ অভিনন্দন অসম প্ৰদেশ কংগ্ৰেছৰ...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  সোমবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহন কৰিব হিমন্ত বিশ্ব শৰ্মাই...  •  নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আদৰণি…  •  বিহপুৰীয়াত কোভিড আক্ৰান্ত মহিলাৰ মৃত্যু...  •  সৰ্বানন্দ সোণোৱাল আমাৰ নেতা আছিল,অনাগত দিনতো আমাৰ নেতা হৈ থাকিব : হিমন্ত বিশ্ব শৰ্মা  •  কাজিৰঙাৰ বুঢ়া পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : শিশু মহিলাসহ ১১ জন আহত...  •  হিমন্ত বিশ্ব শৰ্মা...  •  হিমন্ত বিশ্ব শৰ্মা...

নতুন সমস্যাত অভিনেত্ৰী কংগনা, বান্দ্ৰা আদালতে দিলে ৰাণাৱটৰ বিৰুদ্ধে এফআইআৰ দাখিলৰ নিৰ্দেশ…

272

ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱট পুনৰ আলোচনাক কেন্দ্ৰ হৈ পৰিছে আৰু সমস্যাই এতিয়াও পিছ এৰা নাই কংগনাক। কৰ্ণাটকৰ এফআইআৰ পিছত এতিয়া মুম্বাইৰ বান্দ্ৰা আদালতত অভিনেত্ৰী গৰাকীৰ বিৰুদ্ধে সাক্ষাৎকাৰৰ জৰিয়তে সম্প্ৰীতিৰ ঘৃণা বিয়পোৱাৰ অভিযোগত আন এখন এফআইআৰ পঞ্জীয়নৰ নিৰ্দেশ প্ৰদান কৰিছে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, মুন্না ভৰালী আৰু ছাহিল আছৰফ ছৈয়দ নামৰ আৱেদনকাৰীসকলে আদালতত এখন আবেদন দাখিল কৰিছিল, য’ত কংগনাই টুইটৰ বিৰুদ্ধে উচতনীমূলক মন্তব্য দিয়াৰ অভিযোগ উত্থাপিত হৈছিল।

মিডিয়া প্ৰতিবেদনত কোৱা হৈছে যে, কংগনাই তেওঁৰ টুইটাৰ আৰু টিভি চেনেলৰ সাক্ষাৎকাৰৰ যোগেৰে হিন্দু আৰু মুছলমান শিল্পীসকলৰ মাজত বিভেদ সৃষ্টি কৰিছে। আদালতৰ নিৰ্দেশ আৰু এই এফআইআৰ দাখিল কৰাৰ পিছত কংগনাৰ সমস্যা অধিক বৃদ্ধি হ’ব পাৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি