অভিনেত্ৰী ডিম্পল কাপাড়িয়াৰ মাতৃৰ দেহাৱসান…

অভিনেত্ৰী ডিম্পল কাপাড়িয়াৰ মাতৃৰ দেহাৱসান…

ডিজিটেল ডেস্কঃ বলিউডৰ অভিজ্ঞ অভিনেত্ৰী ডিম্পল কাপাড়িয়াৰ মাতৃ বেট্টী কাপাড়িয়াই শেষনিশ্বাস ত্যাগ কৰে। শনিবাৰে নিশা দেহাৱসান ঘটে বেট্টী কাপাড়িয়াৰ। হৃদ ৰোগতআক্ৰান্ত হৈ মুম্বাইৰ খেৰ এলেকাস্থিত হিন্দুজা হাস্পতালত যোৱা তিনিদিনে তেওঁচিকিৎসাধীন হৈ আছিল যদিও, অৱশেষত শনিবাৰে তেওঁৰ মৃত্যু ঘটে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে মহাৰাষ্ট্ৰৰছিল্লিমৰ এক ৰিজ'ৰ্টত পৰিয়ালৰ সৈতে ৮০ সংখ্যক জন্মদিন পালন কৰিছিল বেট্টীকাপাড়িয়াই। ইফালে, দেওবাৰে পুৱা বেট্টী কাপাড়িয়াৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাহয়। বলিউডৰ অভিনেতা ছানী দেউল, ঋষি কাপুৰসহ কেইবাগৰাকীও বিশিষ্ট অভিনেতা-অভিনেত্ৰীয়েতেওঁক শেষ শ্ৰদ্ধাঞ্জলি জনায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in