শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

কলকাতাৰ এখন পূজা মণ্ডপত আন দেৱ-দেৱীৰ লগতে অভিনেতা চনু সুদৰ মূৰ্তি …

122

ডিজিটেল ডেস্কঃ কলকাতাৰ এখন দুৰ্গা পূজা সংমিতিয়ে ইয়াৰ পূজা মণ্ডপত আন দেৱ-দেৱী সকলৰ লগতে চনু সুদৰো এটা মূৰ্তি স্থাপন কৰিছে।সমিতিখনে পূজাৰ বেদীত অভিনেতাজনৰ মূৰ্তি স্থাপন কৰি দৰাচলতে তেওঁক ঈশ্বৰৰ  মৰ্যদা প্ৰদান কৰিছে।

সমিতিখনৰ এজন সদস্যই মানুহে তেওঁৰ অনুপ্ৰেৰণাৰে দৰিদ্ৰ সকলক যাতে সহায় কৰিব পাৰে তাৰ বাবেই তেওঁক মূৰ্তি সাজি ভগৱানৰ মৰ্যদা দিয়া হৈছে বুলি মন্তব্য কৰিছে। উল্লেখযোগ্য যে, বলীউডৰ অভিনেতা চনু সুদে কৰুনা মহামাৰী সময়ত দুখীয়া জনসাধাৰণক আগৱঢ়োৱা সহায়ৰ বাবে অধিক জনপ্ৰিয় হৈ পৰিছিল। তেওঁ মানুহক তেওঁলোকৰ ঘৰলৈ যাবলৈ পৰিবহনৰ ব্যৱস্থা কৰাই নহয়, তেওঁলোকৰ কামৰো ব্যৱস্থা কৰি দিছিল।

অভিনেতাজনে কেৱল দেশতে নহয়, বিদেশতো মানুহক সহায় কৰিছিল আৰু মানুহে তেওঁক ঈশ্বৰ বুলি গণ্য কৰিবলৈ আৰম্ভ কৰে। চনু সুদক এবাৰ তেওঁৰ অনুৰাগী ‘ভাৰত ৰত্ন’ পাব লাগে বুলিও প্ৰসংগ উত্থাপন কৰিছিল।চনু সুদে টুইটাৰ যোগে পূজা মণ্ডপত তেওঁৰ মূৰ্তি সজাৰ খবৰ পায় তেওঁৰ জীৱনৰ আটাইতকৈ ডাঙৰ উপহাৰ বুলি উল্লেখ কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি