৮৬বছৰ বয়সত জীৱন নাট সামৰিলে বিশিষ্ট অভিনেতা বাদল দাসে

৮৬বছৰ বয়সত জীৱন নাট সামৰিলে বিশিষ্ট অভিনেতা বাদল দাসে

ডিজিটেল ডেস্কঃ ১৯৩২চনৰ ২৩নবেম্বৰত তেজপুৰত জন্মগ্ৰহণ কৰিছিল এইগৰাকী বৰ্ষীয়ান অভিনেতাই। আজি দুপৰীয়া ১.৩০ হৃদৰোগত আক্ৰান্ত হৈ অভিনেতাগৰাকীৰ মৃত্যু হয়। গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে।

অভিনেতাৰ লগতে পৰিচালক হিচাপেও তেখেতৰ এক পৰিচয় আছিল। অনাতাৰকেন্দ্ৰৰ নিয়মীয়া শিল্পী আছিল দাস।

অসমীয়া ছবিজগতৰ এইগৰাকী জ্যেষ্ঠ অভিনেতাৰ মৃত্যুত ৰাজ্যৰ সাংস্কৃতিক জগতৰ এক বিস্তৰ ক্ষতি হ'ল। বাদল দাসৰ মৃত্যুত বিভিন্ন জনে শোক ব্যক্ত কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in