ট্ৰাকৰ খুন্দাত আহত হৈ চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু অভিনেতা অনুপম কৌশিকৰ…

ট্ৰাকৰ খুন্দাত আহত হৈ চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু অভিনেতা অনুপম কৌশিকৰ…

ডিজিটেল সংবাদ, বকো: অতি সম্ভাৱনাপূৰ্ণ বকোৰ যুৱ অভিনেতা অনুপম কৌশিক আৰু নাই। বৃহস্পতিবাৰে নিশা প্ৰায় ৯.৩০ বজাত যুৱ অভিনেতা গৰাকীৰ ঘৰৰ সমীপৰ শাখাতি চ'কত ট্ৰাক এখনে খুন্দিয়াই থৈ যোৱাৰ ফলত গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয়। পাছত নিশা গুৱাহাটীৰ চিকিৎসালয়লৈ নিয়াৰ পথত অভিনেতা গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে ।

অভিনেতা গৰাকীৰ সৈতে সেই সময়ত একেলগে থকা আন এগৰাকী অভিনেতা ৰাজমোহন ৰাভাও গুৰুতৰ ভাবে আহত হয় । সম্প্ৰতি ৰাজমোহন ৰাভাই জিএনআৰচিত চিকিৎসাধীন হৈ আছে । প্ৰয়াত অভিনেতা কমলা ৰাভা আৰু মাতৃ অকণ ৰাভাৰ কনিষ্ঠ সন্তান অনুপম কৌশিকে অতি কম বয়সতে গুৱাহাটী মৰিগাঁওৰ অভনয় প্ৰতিষ্ঠান 'গন্ধৰ্ব'ৰ যোগেদি ২০০৭ ইং বৰ্ষত এবছৰীয়া অভিনয় সম্পৰ্কীয় প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পাছত দক্ষিণ কামৰূপৰ বিভিন্ন যাত্ৰা নাট্যদলত অভিনয় কৰি আহিছিল।

এই বৰ্ষত বকোৰ ধৰণী ৰাভাৰ প্ৰযোজিত ভ্ৰাম্যমাণ থিয়েটাৰ মঞ্চৰূপা থিয়েটাৰত অভিনয় কৰিছিল।আনকি যুৱ অভিনেতা গৰাকীয়ে অহা বৰ্ষত অভিনয়ৰ বাবে বকোৰ প্ৰযোজক পলাশ ডাকুৱাৰ প্ৰযোজিত দেৱশ্ৰী থিয়েটাৰত চুক্তিবদ্ধ হৈছিল। যুৱ অভিনেতা গৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে বিভিন্ন ঠাইৰ শিল্পী, আত্মীয়-শুভাকাংক্ষীয়ে অভিনেতা গৰাকীৰ শাখাতি গাঁৱৰ বাসগৃহত ভিৰ কৰে।

শুকুৰবাৰে সন্ধিয়া অভিনেতা গৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। মৃত্যুৰ সময়ত যুৱ অভিনেতা গৰাকীয়ে মাতৃ অকন ৰাভা, পত্নী অস্পৰা ৰাভা আৰু এটি তিনি বছৰীয়া সন্তানকে ধৰে আত্মীয় স্বজনক এৰি থৈ যায়।

যুৱ অভিনেতা গৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ সময়ত মঞ্চৰূপা থিয়েটাৰৰ প্ৰযোজক ধৰণী ৰাভা, দেৱশ্ৰী থিয়েটাৰৰ প্ৰযোজক পলাশ ডাকুৱা, কন্ঠশিল্পী মহাবীৰ ৰাভা, বিচিত্ৰ খান্দাকে ধৰি বহু লোকে অংশ গ্ৰহণ কৰে। আনহাতে গন্ধৰ্বতো শিল্পী গৰাকীৰ বিদেহী আত্মাৰ সদগতিৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in