দূৰদৰ্শনৰ ষ্টুডিঅ’ত পোনপটীয়া সম্প্ৰচাৰতে মৃত্যু অতিথিৰঃ VIDEO

দূৰদৰ্শনৰ ষ্টুডিঅ’ত পোনপটীয়া সম্প্ৰচাৰতে মৃত্যু অতিথিৰঃ VIDEO

ডিজিটেল ডেস্কঃ মৃত্যুৰ মুহূৰ্তৰ পোনপটীয়া সম্প্ৰচাৰ! টেলিভিছনৰ পৰ্দাত দৃষ্টি নিৱদ্ধ অসংখ্যজনৰ৷ বয়স প্ৰায় ৫৮৷ এগৰাকী ভদ্ৰ মহিলা৷ ঘটনাৰ স্থান শ্ৰীনগৰ৷

জম্মু-কাশ্মীৰৰ ৰাজধানী চহৰখনত টিভিত পোনপটীয়া সম্প্ৰচাৰ চলি থকাৰ মাজতে সকলোৰে চকুৰ সমুখতে ঢলি পৰিল মহিলাগৰাকী৷ ৰীতা জেটিন্দাৰ নামৰ কাশ্মীৰৰ এইগৰাকী বিশেষ মহিলাই আৰু সাৰ নাপালে৷

সোমবাৰৰ পুৱা৷ শ্ৰীনগৰৰ দূৰদৰ্শন কেন্দ্ৰত প্ৰখ্যাত ডোগ্ৰী অধ্যাপক, ৰাজহুৱা কৰ্মীগৰাকীৰ পোনপটীয়া সাক্ষাৎকাৰ চলি আছিল৷ সাক্ষাৎকাৰ চলি থকাৰ সময়তে হৃদৰোগত আক্ৰান্ত হৈ ষ্টুডিঅ'তে ঢলি পৰে জম্মু এণ্ড কাশ্মীৰ একাডেমী অব আৰ্ট, কালচাৰ এণ্ড লেংগুৱেজৰ সম্পাদক জেটিন্দাৰ৷

লগে লগে সাক্ষাৎগ্ৰহণ কৰি থকা ঘোষকগৰাকীয়ে তুলিবলৈ আহে যদিও তাতেই শেষ নিশ্বাস ত্যাগ কৰে জেটিন্দাৰে৷ অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ চলি থকাৰ মাজতে জেটিন্দাৰে এইদৰে মৃত্যুক আকোৱালি লোৱা দৃশ্যই সেমেকাই তুলিছে সকলোৰে দুচকু।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in