প্ৰতিদিন টাইম এচিভাৰ এৱাৰ্ডছ ২০২১ অনুষ্ঠান, LIVE UPDATES…

প্ৰতিদিন টাইম এচিভাৰ এৱাৰ্ডছ ২০২১ অনুষ্ঠান, LIVE UPDATES…

দিনৰ ৪.৩০ বজাতঃ নাগালেণ্ডৰ বিশিষ্ট সমাজসেৱিকা ৱে'কেৱেও চুহালৈ Excellence in Social Service সন্মান ।

দিনৰ ৪.২০ বজাতঃ দৌৰবিদ বিপুল সৎনমীলৈও জুৰী এপ্রিচিয়েশ্বন সন্মানেৰে সন্মানিত।

দিনৰ ৪.১০ বজাতঃ যশস্বী নাট্যশিল্পী ৰতন থিয়ামলৈ এচিভাৰ কালচাৰেল এৱাৰ্ড আগবঢ়োৱা হয়।

দিনৰ ৪.০৩ বজাতঃ কলা নিৰ্দেশক নুৰুদ্দিন আহমেদলৈ Excellence in Art Award সন্মানেৰে সন্মানিত কৰা হয়।

দিনৰ ৪.০০ বজাতঃ বিজ্ঞানী ড০ বিনয় কুমাৰ শৰ্মালৈ Achiever Science & Innovation Award সন্মান।

দিনৰ ৩.৫৭ বজাতঃ প্রতিভাৱান বক্সাৰ ভাগ্যৱতী কছাৰী, ফিলাও বসুমতাৰীলৈ এক্সিলেন্স ইন স্পৰ্টছ বঁটাৰে সন্মানিত কৰা হয়।

দিনৰ ৩.৫০বজাতঃ প্রদীপ বৰুৱালৈ 'সাদিন সাহিত্য আৰু সাংবাদিকতা' বঁটা প্ৰদান।

দিনৰ ৩.৪০ বজাতঃ প্ৰতিদিন টাইম এচিভাৰ এৱাৰ্ডছ ২০২১ অনুষ্ঠানটিত বিশিষ্ট সাহিত্যিক ৰংবং তেৰাঙলৈ জীৱনজোৰা সাধনা বঁটা আগবঢ়োৱা হয়।

দিনৰ ৩.২০ বজাতঃ জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গলৈ এচিভাৰ মিউজিক এৱাৰ্ড প্ৰদান কৰা হৈছে।

দিনৰ ৩.১০ বজাতঃ 'প্রতিদিন টাইম'ৰ বীৰেন বৰালৈ শ্রেষ্ঠ সাংবাদিক বঁটা প্ৰদান।

দিনৰ ৩.০৫ বজাতঃ 'প্রতিদিন টাইম'ৰ প্রাঞ্জল বৰালৈ শ্রেষ্ঠ সাংবাদিক বঁটা প্ৰদান।

দিনৰ ৩.০০ বজাতঃ 'অসমীয়া প্রতিদিন'ৰ হেমন্ত বৰালৈ শ্রেষ্ঠ সাংবাদিক বঁটা প্ৰদান।

দিনৰ ২.৫৭ বজাতঃ সত্যনিষ্ঠ বাতৰি পৰিবেশনৰ বাবে সাংবাদিক মৃদুল কুমাৰ সন্দিকৈলৈ বঁটা প্ৰদান। অৰুণাচলপ্ৰদেশৰ উপ মুখ্যমন্ত্ৰী চাওনা মেনে প্ৰদান কৰে এই বঁটা।

দিনৰ ২.৫৪ বজাতঃ অসমৰ বক্সাৰ লাভলীনা বৰগোঁহাইক সম্বৰ্ধনা জনোৱা হৈছে উক্ত অনুষ্ঠানটিত।

দিনৰ ২.৪৪ বজাতঃ অৰুণাচলপ্ৰদেশৰ উপ মুখ্যমন্ত্ৰী চাওনা মেনক সম্বৰ্ধনা জ্ঞাপন কৰে জয়ন্ত বৰুৱাই।

দিনৰ ২.৪২ বজাতঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সম্বৰ্ধনা জ্ঞাপন কৰে জয়ন্ত বৰুৱাই।

দিনৰ ২.৩৭ বজাতঃ লোকসভাৰ অধ্যক্ষ ওম বিৰলাক সম্বৰ্ধনা জ্ঞাপন কৰে সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ জয়ন্ত বৰুৱাই।

দিনৰ ২.৩০ বজাতঃ সাদিন-প্ৰতিদিন গোষ্ঠীৰ সত্বাধিকাৰ জয়ন্ত বৰুৱাৰ লগতে অনুৰাধা শৰ্মা পূজাৰী, মাইনী মহন্ত আৰু নিতুমণি শইকীয়াই বন্তি প্ৰজ্বলনেৰে আজিৰ এই অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে।

দিনৰ ২.১৫ বজাতঃ লোকসভাৰ অধ্যক্ষ ওম বিৰলা আহি উপস্থিত হৈছেহি এচিভাৰ এৱাৰ্ডছ অনুষ্ঠানত।

দিনৰ ২.১০ বজাতঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈছেহি এচিভাৰ এৱাৰ্ডছ অনুষ্ঠানত।

দিনৰ ১.৩১ বজাতঃ জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গ আহি উপস্থিত হৈছেহি অনুুষ্ঠাটিত।

দিনৰ ১.২৯ বজাতঃ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাং আহি উপস্থিত হৈছেহি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ অনুষ্ঠানত। সাদিন প্ৰতিদিন গোষ্ঠীৰ সত্বাধিকাৰ জয়ন্ত বৰুৱাই জনাইছে তেওঁক আদৰণি।

দিনৰ ১.২৬ বজাতঃ এচিভাৰ্ছ এৱাৰ্ড অনুষ্ঠানত উপস্থিত হৈছে কাৰ্বি ৰজা ৰামসিং ৰংহাং।

দিনৰ ১.১৫ বজাতঃ শংকৰদেৱ সংঘ প্ৰধান সম্পাদক বাবুল বৰা আৰু অল ইণ্ডিয়াৰ প্ৰবন্ধক ত্ৰিদীপ বৰা উপস্থিত।

দিনৰ ১.১০ বজাতঃ ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য উপস্থিত হৈছে অনুষ্ঠানটিত।

দিনৰ ১২.৫০ বজাতঃ বটদ্ৰৱা শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱ মহন্ত আৰু নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী উপস্থিত হৈছেহি কলাক্ষেত্ৰৰ এচিভাৰ এৱাৰ্ডছ অনুষ্ঠানত।

দিনৰ ১২.৩০ বজাতঃ এচিভাৰ এৱাৰ্ডছ অনুষ্ঠানত আহি উপস্থিত হৈছেহি গোভা ৰজা দীপসিং দেও ৰজা।

পুৱা ১০.৩০ বজাতঃ লোকসভাৰ সন্মানীয় অধ্যক্ষ ওম বিৰলা আহি গুৱাহাটীত উপস্থিত হ'লহি। গুৱাহাটী বিমান বন্দৰত উষ্ম আদৰণি অধ্যক্ষ গৰাকীক।

পুৱা ৭ বজাতঃ লোকসভা অধ্যক্ষ ওম বিৰলালৈ সাদিন প্ৰতিদিন গোষ্ঠীৰ উষ্ম আদৰণি। আবেলি ডেৰ বজাৰ পৰা আৰম্ভ হ'ব এই এচিভাৰ এৱাৰ্ডছ বঁটা প্ৰদানৰ অনুষ্ঠান।

পুৱা ৬ বজাতঃ প্ৰতিদিন টাইমৰ এচিভাৰ এৱাৰ্ডছ ২০২১ অনুষ্ঠান অনুষ্ঠিত হ'ব আজি।শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব এই অনুষ্ঠান।অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উফস্থিত থাকিব লোকসভাৰ অধ্যক্ষ ওম বিৰলা। লগতে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অৰুণাচলৰ উপ মুখ্যমন্ত্ৰী চাওনা মেনে, উত্তৰ পূবৰ সাহিত্য সংস্কৃতি, ক্ৰীড়া , শৈক্ষিক তথা আধ্যাত্মিক ক্ষেত্ৰৰ বহু কেইগৰাকী বৰেণ্য ব্যক্তিৰ লগতে জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দও উপস্থিত থাকিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in