শেহতীয়া খবৰ
বটদ্ৰৱাত মাস্ক পৰিধান কৰি ছাত্ৰ ছাত্ৰী সকলে আহিছে নিজ বিদ্যালয়লৈ...  •  ৰাজ্যসভাত অধ্যক্ষক দুব্যৱহাৰ কৰাৰ অপৰাধত নিলম্বিত ৮ জন সাংসদ....  •  এছআই পদৰ বাবে চাকৰিৰ বজাৰত দাম উঠিছিল দহ লাখ....  •  গহপুৰৰ মুনমী শইকীয়াৰ ঘৰটো প্ৰকৃততে‌ কোনে বনালে ?  •  সুস্থ হৈ উঠিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত,কি ক'লে ভিডিওৰ জৰিয়তে...  •  মহাৰাষ্ট্ৰত অট্টালিকা খহি ১০ জনৰ মৃত্যু,আবদ্ধ বহুজন....  •  কোভিড প্ৰট'কল মানি আজিৰে পৰা খুলিব শিক্ষানুষ্ঠান সমূহ....  •  ৰাজ্যত আকৌ ১২২৭জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ১৫৬৬৮০জনলৈ বৃদ্ধি...  •  দুখবৰঃ ৰাজ্যত কোৰোনাত আক্ৰান্ত ১৪জন লোকৰ মৃত্যু...  •  এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ প্ৰতিবাদত ধেমাজিত মুখ্যমন্ত্ৰী সোণোৱালৰ পদত্যাগৰ দাবীত পুত্তলিকা দাহ...

ফেচবুকতো বনাব পাৰিব টিকটকৰ দৰে ভিডিঅ! আহি আছে…

339

ডিজিটেল ডেস্কঃটিকটকৰ বিষয়ে হয়তো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। আইনী মেৰপেছত সোমোৱাৰ পাছতো যেন টিকটকৰ জনপ্ৰিয়তা হ্ৰাস পোৱা নাই। সেয়েহে হয়তো ২০১৯ বৰ্ষত বৰ্তমানৰ লৈকে বিশ্বৰ সবাতোকৈ অধিক ডাউনলড কৰা এপৰ ভিতৰত টিকটকে লাভ কৰিছে দ্বিতীয়স্থান। টিকটকৰ এই জনপ্ৰিয়তা দেখি শেহতীয়াকৈ ফেচবুকেও কৰিছে এক নতুন পৰিকল্পনা।

শেহতীয়াকৈ খবৰ আহিছে যে, ফেচবুকেও অচিৰেই আৰম্ভ কৰিব টিকটকৰ দৰে ভিডিঅ’ নিৰ্মাণ কৰিব পৰা ব্যৱস্থা। ইয়াৰ প্ৰাৰম্ভিক কাম-কাজৰ বাবে ফেচবুকে গঠন কৰিছে এটা টীম। জেছন টফৰ নেতৃত্বত গঠন হোৱা এই টীমটোৱে পৰীক্ষামূলকভাৱে এই কাম আগবঢ়াব।

গুগলৰ পৰা ফেচবুকত যোগদান কৰা জেছন টফে এই খবৰ টুইটাৰৰ জৰিয়তে ৰাজহুৱা কৰিছে। তেও জনোৱা মতে’ আগন্তুক দুসপ্তাহৰ ভিতৰত এই টীমটোৱে ফেচবুকত ভিডিঅ’ নিৰ্মান কৰা কাম পৰীক্ষামূলকভাৱে আৰম্ভ কৰিব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি